ৰঙিয়াৰ বৰদলত লক্ষ্মী পূজাৰ উখল-মাখল পৰিবেশ
কামৰূপ, ০৬ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ বৰদলত লক্ষ্মী পূজাৰ উখল-মাখল পৰিবেশ । বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূৱ ৰঙিয়া জনকল্যাণ সংঘ ও বৃহত্তৰ বৰদলবাসী ৰাইজৰ সহযোগত ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে লক্ষ্মী পূজা। এই পূজাথলীত অগনন ভক্তৰ সমাগম দে
ৰঙিয়াৰ বৰদলত লক্ষ্মী পূজাৰ উখল-মাখল পৰিবেশ


কামৰূপ, ০৬ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ বৰদলত লক্ষ্মী পূজাৰ উখল-মাখল পৰিবেশ । বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূৱ ৰঙিয়া জনকল্যাণ সংঘ ও বৃহত্তৰ বৰদলবাসী ৰাইজৰ সহযোগত ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে লক্ষ্মী পূজা।

এই পূজাথলীত অগনন ভক্তৰ সমাগম দেখা গৈছে। আজি পুৱাৰে পৰাই অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় ৰাইজে, ধৰ্মধজ্জা উত্তোলন কৰে ভক্তপ্রাণ ৰাইজৰ উপস্থিতিত । ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সকলো ভক্তপ্রাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰে উদযাপন সমিতিয়ে। লগতে অসমীয়াৰ হিয়াৰ আমঠু জুৱিন গাৰ্গৰ অকাল মৃত্যুৰ শোক পালন কৰি ৮ অক্টোবৰ তাৰিখে অনুস্থিত হৱলগীয়া জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সাংস্কৃতিক সন্ধিয়া বাতিল কৰে অয়োজক সমিতিয়ে ।

ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ অকাল বিয়োগত পূজা কমিতিয়ে কেৱল ধৰ্মীয় কাম কাজ খিনিহে কৰাৰ লগতে সকলো সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande