লা লিগা ২০২৫-২৬: চেভিলাৰ বাৰ্চিলোনাক ৪-১ গ’লত পৰাজিত
চেভিলা, ০৬ অক্টোবৰ (হি.স.)। লা লিগা প্ৰতিযোগিতাত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন বাৰ্চিলোনাক ৪-১ গ’লত পৰাস্ত কৰি চেভিলাই দলটোৰ অপৰাজিত দৌৰৰ অন্ত পেলাই টেবুলৰ শীৰ্ষলৈ ঘূৰি অহাত বাধা প্ৰদান কৰে। ২০১৫ চনৰ পিছত বাৰ্চিলোনাৰ বিৰুদ্ধে চেভিলাৰ এইটোৱেই আছিল প্
बार्सिलोना के पोलिश फ़ॉरवर्ड रॉबर्ट लेवांडोव्स्की (बाएं) ने 76वें मिनट में बराबरी का मौका गंवा दिया


চেভিলা, ০৬ অক্টোবৰ (হি.স.)। লা লিগা প্ৰতিযোগিতাত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন বাৰ্চিলোনাক ৪-১ গ’লত পৰাস্ত কৰি চেভিলাই দলটোৰ অপৰাজিত দৌৰৰ অন্ত পেলাই টেবুলৰ শীৰ্ষলৈ ঘূৰি অহাত বাধা প্ৰদান কৰে।

২০১৫ চনৰ পিছত বাৰ্চিলোনাৰ বিৰুদ্ধে চেভিলাৰ এইটোৱেই আছিল প্ৰথমটো লীগ জয়, যাৰ ফলত তেওঁলোকে ৮খন মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি সাময়িকভাৱে চতুৰ্থ স্থানলৈ আগবাঢ়িছে। ইফালে ১৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে বাৰ্চিলোনা আৰু আগশাৰীৰ ৰিয়েল মাদ্রিদৰ পৰা ২ পইণ্ট পিছ পৰি আছে।

বাৰ্চিলোনাই লাহে লাহে আৰম্ভণি কৰিছিল আৰু প্ৰথমাৰ্ধ ঘন্টাত এটাও শ্বট লক্ষ্যত নাছিল, আনহাতে চেভিলাই আৰম্ভণিতে দীঘলীয়া বলৰ জৰিয়তে এলেক্সিছ ছানচেজৰ বাবে সুযোগ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।

১৩ মিনিটত আইজাক ৰোমেৰোৱে বাৰ্চিলোনাৰ ৰ’নাল্ড আৰাউজোৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু ভিএআৰৰ পৰ্যালোচনাৰ অন্তত ৰেফাৰীয়ে পেনাল্টি দিয়ে। ছানচেজে আৰ্চেনালৰ প্ৰাক্তন সতীৰ্থ ৱ’জেচ শ্বেছনীক ভুল পথলৈ পঠিয়াই গ’ল দিয়ে।

২৭ মিনিটত চেছনিয়ে ৰোমেৰোৰ শ্বটটো ব্লক কৰি চেভিলাক অগ্ৰগতি দুগুণ কৰাৰ পৰা ৰক্ষা কৰে। অৱশ্যে ৩৭ মিনিটত ৰুবেন ভাৰ্গাছৰ উজ্জ্বল ক্ৰছৰ পৰা প্ৰথম টাচ্চেৰে ৰোমেৰ’ই গ’ল দি ২-০ গ’লত অগ্ৰগতি লাভ কৰে।

হাফটাইমৰ ঠিক আগতে মাৰ্কাছ ৰেছফৰ্ডে পেড্ৰিৰ হাই পাছটো বাওঁ ভৰিৰে নেটত হেড কৰি বাৰ্চিলোনাৰ হৈ এটা গল দি ২-১ অগ্ৰগতি লাভ কৰে।

দ্বিতীয়াৰ্ধত বাৰ্চিলোনাই তীব্ৰ হেঁচা প্ৰয়োগ কৰি ৭৬ মিনিটত আদনান জানুজাজে আলেজান্দ্ৰ’ বাল্ডেক বক্সত নমাই আনে যদিও ৰবাৰ্ট লেৱাণ্ডোস্কিৰ পেনাল্টি কিক ব্যৰ্থ হয়।

৯০ মিনিটত কাৰ্মোনাই ডিফেণ্ডাৰৰ ভৰিৰ মাজেৰে শ্বট দি ৩-১ গ’লত অগ্ৰগতি লাভ কৰে। আঘাতৰ সময়ত বিকল্প খেলুৱৈ আকোৰ এডামছে চিডেৰা এজুৱেকৰ পাছৰ পৰা গ’ল দি ৪-১ গ’লত অগ্ৰগতি লাভ কৰে।

একেৰাহে দ্বিতীয়খন মেচত জয়লাভ কৰা চেভিলাই আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ পিছত ১৮ অক্টোবৰত মালৰ্কাৰ বিৰুদ্ধে খেলিব, আনহাতে একেদিনাই বাৰ্চিলোনাই জিৰোনাৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande