চিৰাং, ০৬ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গা পূজা সম্পন্ন হোৱাৰ পিছত আজি শৰতৰ পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা পালন কৰা হৈছে। বিজনীৰ ঐতিহাসিক লক্ষ্মী পূজা আৰু মেলা বিগত বৰ্ষৰ দৰে এইবেলিও ১৪ দিনিয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পূজা পৰিচালনা সমিতিয়ে। আজিৰ পৰা ১৯ অক্টোবৰলৈ ১৪ দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব চিৰাং জিলাৰ বিজনীৰ এই ১৩৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা ।
এই মেলাখনক লৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে বিজনী চহৰত। ইতিমধ্যে অসমৰ উপৰিও বহিৰাজ্যৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আহি উপস্থিত হৈছেহি বিজনী চহৰত। এই সন্দৰ্ভত পূজা পৰিচালনা সমিতিয়ে সংবাদমেল সম্বোধন কৰি ৰাইজৰ সহায় সহযোগিতা বিচাৰে। চিৰাং জিলাকে আদি কৰি চুবুৰীয়া জিলাকেইখনৰ কেন্দ্ৰ বিন্দু হৈ পৰা বিজনীৰ এই মেলাখনত এইবেলি চাৰ্কাছ, অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ, বাণিজ্য মেলা, মিনা বজাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ মেলাকে আদি কৰি অসমৰ লগতে বহিঃৰাজ্যৰো বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান অংশগ্ৰহণ কৰিব বুলি জনায় পূজা পৰিচালনা সমিতিয়ে।
ইফালে শ্ৰী শ্ৰী লক্ষ্মী পূজা প্ৰাঙ্গনত প্ৰতিদিনেই আই নাম, খাৰাতাল আৰু পুতলা নাচ উপভোগৰ সুবিধা পাব ৰাইজে। এইবেলি বিজনীত শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখন বিগত বছৰৰ নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১২ বজালৈ আয়োজিত কৰিবলৈ প্ৰশাসন ফালৰ পৰা অনুমতি প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ