যোৰহাট, ০৬ অক্টোবৰ (হি.স.)। শিকলিৰ উদ্যোগত বাদুলীপুখুৰী ঢেকীয়ানী ভৰলুৱা গাঁৱত কাচি বিতৰণ। লক্ষ্মী পুৰ্ণীমা দিনা শিকলিৰ উদ্যোগত টীয়কৰ বাদুলীপুখুৰী ঢেকীয়ানী ভৰলুৱা গাঁৱত ১৩ গৰাকী কৃষক পৰিয়ালৰ মাজত একোখনকৈ কাচি বিতৰণ কৰে।এই বিতৰণ কাৰ্যসূচীৰ আঁত ধৰে স্থানীয় যুব সাংবাদিক বিৰাজ কুমাৰ বৰাই।
শিকলিৰ মূখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই কয় এতিয়া লখিমী আদৰাৰ এই সময়ত দাৱনীসকলৰ একমাত্ৰ সজুঁলি হ'ল কাচি বিতৰণ কৰে। গতিকে লক্ষ্মী পুৰ্ণীমা দিনা মূল্য কম হ'লেও ধান কাটিবৰ সময়ত একোখন কাচিৰ মূল্য বহুত বেছি ব্যক্ত কৰে। হাজৰিকাই কিছুদিনৰ পৰা অবিবাহিত মহিলা আৰু বিধবা মহিলাক , কৃষক পৰিয়ালৰ মহিলাক হাঁহ, কুকুৰা বিতৰণ কৰি অহাৰ পাছত এইবাৰ কাচি বিতৰণ কৰি ৰাইজক সহায় কৰিবলৈ সক্ষম হৈছে। আনহাতে নিস্বাৰ্থ ভাৱে কৰি আহিছে হাজৰিকাই গ্ৰন্থ দান। গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱাওক সজাগতাৰ কাৰ্যসূচী হিচাপে অসমৰ ইমূৰৰপৰা সিমূৰলৈকে কৰি গৈছে গ্ৰন্থ দান। ঢেকীয়ানী ভৰলুৱা গাঁৱত ৰঞ্জু বৰুৱা,মাইনী বৰুৱা,মণীমালা শইকীয়া,মঞ্জু বৰা,চিত্ৰা নেওগ, মিতালী শইকীয়া,ৰীমা শইকীয়া,ৰিঞ্জু হাজৰিকা,পূৰ্ণীমা বৰা, মামনি শইকীয়া,মাধুৰী শইকীয়া,সৰু আইতি হাজৰিকাক একোখন কৈ কাচি বিতৰণ কৰে। আৰু নামঘৰীয়া বিনোদ হাজৰিকাক এটা টচ লাইট আৰু নামঘৰত চাকি বন্তি জ্বলাবৰ নিমিত্তে এটি কপাহৰ টোপোলা প্ৰদান কৰে। আৰু এই অনুষ্ঠানত অভিভাৱকসকলক একোখনকৈও গ্ৰন্থ দান কৰে। হাজৰিকাৰ এই কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু