গোলাঘাট, ০৬ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীনভাৱে আজি ১৭ দিন। গোলাঘাটৰ খুমটাইৰ বনগাঁৱত ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৃহত্তৰ বনগাঁওবাসী ৰাইজে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিলে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।
যোৱাকালি পুৱা গছপুলি ৰোপণৰ পিছতে আৰম্ভ হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ আনহাতে সন্ধিয়াৰ পৰা বনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰিনামেৰে মুখৰিত হৈ পৰে পৰিবেশ । পুৰুষ-মহিলা সকলোৱে দিহানাম পৰিবেশন কৰি ভক্তিভৰা পৰিবেশৰ সৃষ্টি কৰে ৷ জাতি ধৰ্ম নিৰ্বিশেষে ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ আহিল শ শ লোক ৷ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈও শ্ৰদ্ধাঞ্জলি স্থলীৰ পৰা দাবী তোলে বনগাঁওবাসী ৰাইজে ।
উল্লেখ্য় যে অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে এই ধৰাৰ পৰা বিদায় লোৱাৰ এপষেক উকলি গৈছে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ