গোলাঘাট, ০৬ অক্টোবৰ (হি.স.)। গোলাঘাটৰ জোৱাই প্ৰাণৰ আপোন গণশিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন এইবাৰ গোলাঘাটৰ সম্বন্বয় ক্ষেত্রৰ বাকৰিত।
গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন,জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাট আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই আদ্যশ্ৰাদ্ব আৰু শ্ৰদ্ধান্জলী অনুষ্ঠানত পুৱা নাম প্ৰসংগ,শ্ৰদ্বান্জলী অনুষ্ঠান,সৰ্বধৰ্ম প্ৰাৰ্থনা,বিয়লি দহ সহস্ৰাধিক জুবিন অনুৰাগীৰ দ্বাৰা মায়াবিনী ৰাতিৰ বুকুত গীত পৰিবেশন হব।
সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো অব্যাহত আছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণৰ অনুষ্ঠান। এনেদৰে এতিয়া গোলাঘাটৰ ঠায়ে ঠায়ে, বিভিন্ন অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ যচা হৈছে শ্ৰদ্ধাঞ্জলি। আজিও ৰাজ্য তথা দেশৰ কোটি কোটি জনতাই অকালতে হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই উচুপি উঠিছে আৰু শিল্পীগৰাকীলৈ যাচিছে শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু