কলম্বো, ০৬ অক্টোবৰ (হি.স.)। কলম্বোত অনুষ্ঠিত হোৱা মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫ৰ খেলখনত পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰি ভাৰতে একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে।
ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে খেলৰ অন্তত কয় যে দলটোৰ বাবে এইখন অতি গুৰুত্বপূৰ্ণ মেচ আৰু এই জয়ত তেওঁ অতি সুখী, কিন্তু সেয়া সহজ নাছিল।
ভাৰতৰ বেটিং আকৌ এবাৰ থৰক বৰক কৰে আৰু দলটোৱে ৭ উইকেটত ২০৩ ৰানত সংগ্ৰাম কৰি আছিল যদিও ৰিচা ঘোষে ৩৫ নট আউট (২০ বলত) কুইকফায়াৰ ইনিংছ খেলি স্ক’ৰ ২৪৭ ৰান কৰে।
মেচৰ অন্তত হৰমনপ্ৰীতে কয়, সঁচা কথা ক'বলৈ গ'লে এই খেলপথাৰত বেটিং কৰাটো সহজ নাছিল। আমি মাত্ৰ ভাবিছিলো যে যিমান পাৰো সিমান খেলাটোৱেই ভাল হ'ব। শেষবাৰৰ বাবে আমি ইয়াত ট্ৰাই ছিৰিজত খেলিছিলো তেতিয়া উইকেটটো বেলেগ আছিল। কিন্তু যোৱা দুদিনৰ বৰষুণে খেলপথাৰখনক কিছু গ্ৰিপ দিছিল। আমাৰ পৰিকল্পনা আছিল শেষলৈকে উইকেটত ধৰি ৰখা যাতে আমি ফাইনেল অভাৰত ৰান কৰিব পাৰো।
ভাৰতৰ ক্ৰান্তি গৌডে বলিং বিভাগত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ফাষ্ট বলাৰ গৌডে পাকিস্তানৰ আৰম্ভণিতে ব্যাঘাত জন্মাই প্ৰথম দহ অভাৰত সাদাফ ছামাছ আৰু আলিয়া ৰিয়াজৰ উইকেট দখল কৰে। ২০ ৰানত তিনিটা উইকেট দখল কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।
এইখনেই আছিল সেইখন খেলপথাৰ য’ত চলিত বৰ্ষৰ মে’ মাহত ক্ৰান্তিয়ে এদিনীয়াত অভিষেক ঘটাইছিল। ঘৰুৱা এদিনীয়া ফাইনেলত চাৰিটা বলত চাৰিটা উইকেট দখল কৰি সকলোকে আচৰিত কৰি তুলিছিল খেলুৱৈগৰাকীয়ে।
কেপ্তেইন হৰমনপ্ৰীতে তাইক প্ৰশংসা কৰি কয়, ক্ৰাণ্টিয়ে সুন্দৰভাৱে বল কৰিছিল। ৰেণুকাইও আনটো মূৰৰ পৰা ভাল লাইন আৰু লেংথ বজাই ৰাখিছিল, যাৰ ফলত আমাক আগতীয়াকৈ অগ্ৰগতি লাভ কৰিছিল।
অৱশ্যে খেলপথাৰৰ কেইবাটাও সুযোগ হেৰুৱালে ভাৰতে। দলটোৱে পাকিস্তানৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ছিদ্ৰা আমিনৰ তিনিটা কেচকে ধৰি চাৰিটা কেচ ড্ৰপ কৰে। হৰমনপ্ৰীতে স্বীকাৰ কৰে যে ফিল্ডিঙৰ উন্নতিৰ প্ৰয়োজন।
তেখেতে কয়, আমি আমাৰ ফিল্ডিঙত নিজকে হতাশ কৰিলোঁ। আমাৰ বহু সুযোগ আছিল যিবোৰ আমি জব্দ কৰিব নোৱাৰিলোঁ, কিন্তু জয়ী হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আনন্দ আছে।
আগন্তুক মেচসমূহৰ সন্দৰ্ভত হৰমনপ্ৰীতে কয়, এতিয়াই আমি এই জয় উপভোগ কৰিব বিচাৰো। উন্নতিৰ বহু ক্ষেত্ৰত আছে, কিন্তু এতিয়াৰ বাবে আমি এই জয়ত সুখী। আমি ভাৰতলৈ উভতি আহিছো, য'ত আমি পিটচসমূহ ভালদৰে জানো। আমি চাম পৰৱৰ্তী দলৰ সংমিশ্ৰণ কি হ'ব আৰু আমি কেনেকৈ দিনক দিনে উন্নতি কৰিব পাৰো।
এতিয়া ভাৰতে ঘৰুৱা মাটিত (বিশাখাপট্টনম) পৰৱৰ্তী দুখন মেচ ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ১২ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া