ইজৰাইলৰ আক্ৰমণত গাজাত ২৪ ঘন্টাত ৬৫ জন পেলেষ্টাইনী নিহত
গাজা পট্টী, ০৬ অক্টোবৰ (হি.স.)। ইজৰাইলৰ সশস্ত্ৰ বাহিনীৰ আক্ৰমণত বিগত ২৪ ঘন্টাত কমেও ৬৫ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ১৫৩ জন লোক আহত হয়। এনক্লেভৰ স্বাস্থ্য মন্ত্ৰালয়ে নিজৰ টেলিগ্ৰাম চেনেলত এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মতে, সংঘাত আৰম্ভ হোৱাৰ পিছ
গাজা আক্ৰমণ ইজৰাইল। ফটো: ইণ্টাৰনেট মিডিয়া


গাজা পট্টী, ০৬ অক্টোবৰ (হি.স.)। ইজৰাইলৰ সশস্ত্ৰ বাহিনীৰ আক্ৰমণত বিগত ২৪ ঘন্টাত কমেও ৬৫ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ১৫৩ জন লোক আহত হয়। এনক্লেভৰ স্বাস্থ্য মন্ত্ৰালয়ে নিজৰ টেলিগ্ৰাম চেনেলত এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মতে, সংঘাত আৰম্ভ হোৱাৰ পিছত গাজাৰ মুঠ বাসিন্দা নিহত হৈছে ৬৭,১৩৯ জন, আৰু প্ৰায় ১ লাখ ৭০ হাজাৰ লোক আহত হৈছে।

ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ মতে, মন্ত্ৰালয়ে ইয়াৰ পূৰ্বেও অনাহাৰে আন এজন মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে, যাৰ ফলত ভোক আৰু পুষ্টিহীনতাৰ সৈতে জড়িত জটিলতাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬০ জনলৈ বৃদ্ধি পাইছে।

আল জাজিৰাৰ বাতৰি অনুসৰি যুদ্ধবিৰতিৰ আলোচনা চলি থকাৰ পাছতো ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে পেলেষ্টাইনৰ ভূখণ্ডত গোলাবৰ্ষণ কৰি আছে। কেৱল যোৱা ৪৮ ঘণ্টাত ইজৰাইলৰ বায়ুসেনাই ষ্ট্ৰিপত ১৩০টাতকৈও অধিক বিমান আক্ৰমণ চলাইছে। ইয়াৰ ভিতৰত অঞ্চলটোৰ প্ৰশাসনিক কেন্দ্ৰ গাজা চহৰ আৰু শৰণাৰ্থী শিবিৰ আদি অন্যতম।

ইফালে, ইজিপ্তৰ মধ্যস্থতাত হামাছ আৰু ইজৰাইলৰ মাজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ যুদ্ধবিৰতি প্ৰস্তাৱক লৈ আজিৰ পৰা আলোচনা আৰম্ভ হোৱাৰ কথা। ইজিপ্তত উপস্থিত হৈছে হামাছৰ প্ৰতিনিধি দল। সমগ্ৰ বিশ্বই এই আলোচনালৈ নজৰ ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande