দোহা, ০৬ অক্টোবৰ (হি.স.)। ভাৰত আৰু কাটাৰে সোমবাৰে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ে চৰ্চা কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱালে ইয়াত কাটাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্বেইখ ফৈছাল বিন থানি বিন ফৈছাল আল থানীৰ সৈতে আলোচনাত মিলিত হয়।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে ইনষ্টাগ্ৰামত লিখিছে, “আমি ভাৰত-কাটাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিলোঁ আৰু বাণিজ্য, বিনিয়োগ, আৰু কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত বহুমুখী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলোঁ।” গোৱেলে ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্বত দুয়োখন দেশৰ মাজত বিনিয়োগৰ সুযোগ সন্দৰ্ভত আলোচনা কৰিছে।
বাণিজ্য মন্ত্ৰীয়ে আৰু লিখিছে, ইয়াৰ পূৰ্বে কাটাৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ তথা কাটাৰ বিনিয়োগ কৰ্তৃপক্ষ আৰু কাটাৰ বিত্তীয় কেন্দ্ৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধ্যক্ষ শ্বেইখ বাণ্ডাৰ বিন মহম্মদ বিন ছৌদ আল থানীক লগ পাই মই আনন্দিত হৈছিলো। ভাৰত আৰু কাটাৰৰ মাজত বাণিজ্য, বিনিয়োগ, আৰু বিত্তীয় সহযোগিতা আৰু অধিক গভীৰ কৰাৰ উপায়ৰ ওপৰত আমি এক উপযোগী আলোচনা কৰিছিলো।
দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত আছে পীয়ুষ গোৱেল। দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ আলোচনাৰ কথা চিন্তা কৰি থকাৰ সময়তে তেওঁৰ এই ভ্ৰমণ। কাটাৰ উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি)ত ভাৰতৰ মূল বাণিজ্যিক অংশীদাৰ, ২০২৪-২৫ বিত্তীয় বৰ্ষত দ্বিপাক্ষিক বাণিজ্য ১৪.১৫ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ