টিহু নৈত নৈত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি
টিহু নৈত অঘটন ।
টিহু নৈত নৈত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি


নলবাৰী, ০৬ অক্টোবৰ (হি.স.): নলবাৰী জিলাৰ টিহু নৈত যোৱা কালি দেওবাৰে বিয়লি এক অঘটন সংঘটিত হয় । নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এজন যুৱকৰ । চম্পক দাস নামৰ যুৱকজনৰ মাছ মাৰিবলৈ গৈ অকাল মৃত্যু হয়।

জানিব পৰামতে, ভনীজোৱায়েকৰ লগত মাছ মাৰি থকা অবস্থাত হঠাৎ অহা বৰষুণ সহ্য কৰিব নোৱাৰি নৈৰ পাৰলৈ আহি থকা অবস্থাতে ডুব যায় যুৱকজনে । তৎক্ষনাত উন্নত চিকিৎসাৰ বাবে যুৱকজনক নলবাৰী মেডিকেল কলেজলৈ লৈ যোৱা হয়। অৱশ্যে হস্পিতালত চিকিৎসকে যুৱক জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । যুবক জনৰ ঘৰ পশ্চিম নান্নাট্টাৰীৰ ৫নং ওৱাৰ্ডত বুলি জানিব পৰা গৈছে। যুৱক জনৰ আকস্মিক মৃত্যুৰ ঘটনাত গাঁও খনৰ লোকসকলক শোক বিহ্বল কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande