কায়ৰো, ০৬ অক্টোবৰ (হি.স.)। আজি (৬ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ বাবে এক গুৰুত্বপূৰ্ণ তাৰিখ। দেওবাৰে শ্বাৰম এল শ্বেখত উপস্থিত হয় পেলেষ্টাইন ইছলামিক ৰেজিষ্টেন্স মুভমেণ্ট (হামাছ)ৰ এটা প্ৰতিনিধি দল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা যুদ্ধবিৰতি পৰিকল্পনাৰ প্ৰথম পৰ্যায় ৰূপায়ণৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব হামাছ আৰু ইজৰাইলে।
জিনহুয়াৰ মতে, আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত হামাছ আৰু ইজৰাইলৰ মাজত বন্দী বিনিময়ৰ ব্যৱস্থা আৰু হামাছে অস্ত্ৰ আত্মসমৰ্পণৰ প্ৰক্ৰিয়াও অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। হামাছৰ নেতাসকলৰ সৈতে আলোচনাৰ অন্তত ইজিপ্তই ইজৰাইলৰ প্ৰতিনিধি দলৰ সৈতে পৃথক বৈঠকত মিলিত হ’ব। দুয়োখন আলোচনাৰ ফলাফল ইজিপ্তত উপস্থিত হোৱাৰ লগে লগে মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰক প্ৰেৰণ কৰা হ’ব। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে সোমবাৰে ইজৰাইল আৰু হামাছৰ প্ৰতিনিধি দলৰ মাজত আলোচনা হ’ব।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইজিপ্তলৈ প্ৰেৰণ কৰিছে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। ইজৰাইলৰ কৌশলগত পৰিক্ৰমা মন্ত্ৰী তথা নেতানিয়াহুৰ ঘনিষ্ঠ মিত্ৰ ৰন ডাৰ্মাৰৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটোৱে ইজিপ্তৰ চিনাই উপদ্বীপত অৱস্থিত শ্বাৰম এল শ্বেইখত আলোচনা কৰিব। প্ৰায় ২৪ মাহজোৰা যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাত এতিয়াও পণবন্দী হৈ থকা ৪৮ জন লোকৰ মুক্তি নিশ্চিত কৰাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱৰ বিষয়ে হামাছ আৰু ইজৰাইলে আলোচনা কৰিব। এই যুদ্ধই ৬৭ হাজাৰতকৈ অধিক পেলেষ্টাইনীক হত্যা কৰিছে, গাজা ধ্বংস কৰিছে আৰু গাজা ষ্ট্ৰিপত দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে।
ইজৰাইলে শনিবাৰে ঘোষণা কৰে যে গাজা চহৰ দখল কৰাৰ বাবে সকলো আক্ৰমণাত্মক অভিযান বন্ধ কৰি দিছে আৰু কেৱল প্ৰতিৰক্ষামূলক অভিযানত নিজৰ বাহিনী নিয়োগ কৰিছে। অৱশ্যে ইজৰাইলৰ সামৰিক মুৰব্বী ইয়াল জমিৰে চলিত মাহৰ আৰম্ভণিতে উত্তৰ গাজা ষ্ট্ৰিপ ভ্ৰমণ কৰি আগন্তুক পৰোক্ষ যুদ্ধবিৰতি আলোচনা বিফল হ’লে সামৰিক অভিযান পুনৰ আৰম্ভ হ’ব বুলি সকীয়াই দিছিল। জামিৰে উত্তৰ আৰু দক্ষিণ গাজাক পৃথক কৰিবলৈ ইজৰাইলৰ সেনাই স্থাপন কৰা বিভাজন ৰেখা নেটজাৰিম কৰিডৰৰ আটাইতকৈ পশ্চিম বিন্দুটো পৰিদৰ্শন কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিছে যে যদি হামাছে গাজা ষ্ট্ৰিপত পণবন্দী লোকক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে তেন্তে ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰিব। জেৰুজালেমত পতিত সৈনিকক সন্মান জনোৱা অনুষ্ঠানত কাটজে কয় যে যদি হামাছে পণবন্দীসকলক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে তেন্তে পূৰ্ণাংগ যুদ্ধ হ’ব। কাটজে লগতে কয় যে ইজৰাইলী বাহিনী গাজা চহৰৰ মাজমজিয়াত সক্ৰিয় হৈ আছে আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু।
ইফালে ইজিপ্ত, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহী, ইণ্ডোনেছিয়া, পাকিস্তান, তুৰস্ক, চৌদি আৰব, কাটাৰে দেওবাৰে এক যৌথ বিবৃতি প্ৰকাশ কৰি গাজা ষ্ট্ৰিপত যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তাৱিত যুদ্ধবিৰতি পৰিকল্পনাৰ দিশত হামাছৰ পদক্ষেপক আদৰণি জনায়।
বিবৃতিটোত কোৱা হৈছে যে এই দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে গাজাত যুদ্ধৰ অন্ত পেলোৱা, মৃত বা জীৱিত সকলো পণবন্দীক মুকলি কৰি দিয়াৰ আৰু তৎক্ষণাত কাৰ্যকৰীকৰণ ব্যৱস্থাৰ আলোচনা আৰম্ভ কৰাৰ প্ৰস্তাৱৰ দিশত হামাছে আদৰণি জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া