তিনিচুকীয়াত মানৱ সৰবৰাহ ঘটনা–নৈশ বাছৰ পৰা উদ্ধাৰ চাৰিটাকৈ কিশোৰ-কিশোৰী
তিনিচুকীয়া, ০৬ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাত মানৱ সৰবৰাহৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটাকৈ কিশোৰ-কিশোৰী। জানিব পৰামতে, অৰুণাচল প্রদেশৰ পৰা অহা এআৰ ১১ বি ৪৪৫৮ নম্বৰৰ এখন নৈশ বাছত চাৰিটা কিশোৰ-ক
তিনিচুকীয়াত মানৱ সৰবৰাহ ঘটনা–নৈশ বাছৰ পৰা উদ্ধাৰ চাৰিটাকৈ কিশোৰ-কিশোৰী


তিনিচুকীয়া, ০৬ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাত মানৱ সৰবৰাহৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটাকৈ কিশোৰ-কিশোৰী। জানিব পৰামতে, অৰুণাচল প্রদেশৰ পৰা অহা এআৰ ১১ বি ৪৪৫৮ নম্বৰৰ এখন নৈশ বাছত চাৰিটা কিশোৰ-কিশোৰী মাকুম চহৰত উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে স্থানীয় একাংশ লোক আৰু ডুমডুমা দল-সংগঠনৰ সহযোগত কিশোৰ-কিশোৰী কেইটাক উদ্ধাৰ কৰা হয়। অৰুণাচল প্রদেশৰ ডায়ুনৰ দুগৰাকী যুৱতীয়ে কিশোৰ-কিশোৰী কেইটা ইটানগৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। উক্ত ঘটনা কেন্দ্ৰ কৰি মাকুম চহৰত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়।

মাকুম আৰক্ষীয়ে সৰবৰাহকাৰী যুৱতী সহ কিশোৰ কিশোৰী কেইটাক নিজৰ জিন্মাত লয়। পৰৱৰ্তী সময়ত উদ্ধাৰ কৰ কিশোৰ-কিশোৰী কেইটাক তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি গতাই দিয়াৰ ব্যৱস্থা কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande