বোকাখাতত বৃহৎ পৰিমাণৰ ধন জব্দ, ধৃত ৪ যুৱক
বোকাখাতত বৃহৎ পৰিমাণৰ ধন জব্দ : জব্দকৃত ধনসহ ধৃত ৪ যুৱক ।
বোকাখাতত বৃহৎ পৰিমাণৰ ধন জব্দ, ধৃত ৪ যুৱক


গোলাঘাট, ০৬ অক্টোবৰ (হি.স.): গোলাঘাটৰ বোকাখাতত বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে। জব্দকৃত ধনসহ ৪ জন যুৱকক আটক কৰা হৈছে । ইফালে এই ধন জব্দ কৰা সন্দৰ্ভত ৰহস্যজনক মৌনতা অৱলম্বন কৰে আৰক্ষীয়ে । যোৱাকালি দেওবাৰে নিশা প্ৰায় ৯:৩০ বজাৰ আশে পাশে জব্দ হয় ৫৫-৬০ লাখ টকাৰ ২ টা বেগ ।

উল্লেখ্য় যে এএছ ২৩ একে ২৮৭৯ নম্বৰৰ মাৰুতি ডিজাইয়াৰ গাড়ীখনৰ পৰা বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত ধনখিনি জব্দ কৰে বোকাখাত আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত সাংবাদিকৰ মুখামুখি নহ'ল আৰক্ষী । চাৰি জন যুৱকে ধনখিনি আনিছিল নুমলীগড় অভিমুখে । ভিতৰুৱা সূত্ৰমতে তেজপুৰৰ মুছফিকুৰ আহমেদ নামৰ জনৈক যুৱকজনৰ সৈতে আন ৩ যুৱকে ধনখিনি আনিছিল নুমলীগড়ৰ এজন বিৰ্তকিত ব্যৱসায়ীৰ বাবে। সন্দেহ কৰা মতে ধনখিনি হাৱালাৰ টোকেন ( কঁইঞ্চ ) সংগ্ৰহৰ বাবে প্ৰথমে নিয়া হৈছিল যোৰহাটলৈ । কিন্তু যোৰহাটত এই কঁইঞ্চ সলনি কৰিব নোৱাৰি দলটোৱে বেগ ২ টা ঘূৰাই আনিছিল বোকাখাতলৈ । এক গোপন খবৰৰ ভিত্তিত অবৈধ ধনখিনিৰ সম্ভেদ পালে আৰক্ষীয়ে । ফলত গাড়ী সহ ধনখিনি জব্দ কৰাৰ লগতে ৪ যুৱকক আটক কৰে আৰক্ষীয়ে । তথাপি এই ঘটনাত অতি ৰহস্যৰ গোঁন্ধ পাইছে সচেতন মহলে । অনলাইন গেমৰ জৰিয়তে হাৱালাত প্ৰায় ৫:৫ কোটি টকাৰ এক বৃহৎ অংকৰ ধন আহৰণৰ বাবে যুৱকৰ দলটোৱে জাল পেলাইছিল বুলি সন্দেহ কৰিছে আন এক ভূৰখা মহলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande