অবিৰত বৰষুণৰ ফলত নেপালৰ ১১টা ডাঙৰ ঘাইপথ অৱৰোধ
কাঠমাণ্ডু, ০৬ অক্টোবৰ (হি.স.)। বানপানী আৰু ভূমিস্খলনে সমগ্ৰ নেপালৰ ডাঙৰ ডাঙৰ ঘাইপথ অৱৰোধ কৰিছে। সোমবাৰে বৰষুণ বন্ধ হোৱাৰ পিছতো প্ৰায় ১১টা ঘাইপথ অৱৰোধ হৈয়েই আছে। আটাইতকৈ ভয়াৱহ পথ অৱৰোধ কোশী আৰু বাগমাটি প্ৰদেশত, য’ত ১৯টা পথৰ অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ
नेपाल के अवरुद्ध राजमार्ग


কাঠমাণ্ডু, ০৬ অক্টোবৰ (হি.স.)। বানপানী আৰু ভূমিস্খলনে সমগ্ৰ নেপালৰ ডাঙৰ ডাঙৰ ঘাইপথ অৱৰোধ কৰিছে। সোমবাৰে বৰষুণ বন্ধ হোৱাৰ পিছতো প্ৰায় ১১টা ঘাইপথ অৱৰোধ হৈয়েই আছে। আটাইতকৈ ভয়াৱহ পথ অৱৰোধ কোশী আৰু বাগমাটি প্ৰদেশত, য’ত ১৯টা পথৰ অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। কেইবাটাও অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনাৰ বাবে বন্ধৰ সন্দৰ্ভত গড়কাপ্তানী বিভাগে ৰাজহুৱা জাননী জাৰি কৰে।

বিষয়াসকলৰ মতে, কোশীৰ ৮টা আৰু বাগমাটিৰ ১১টা পথৰ অংশ সম্পূৰ্ণৰূপে অৱৰোধ কৰা হৈছে। এই পথ অংশত যাত্ৰা কৰা যাত্ৰী আৰু যান-বাহন সকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বিগত শুকুৰবাৰ আৰু শনিবাৰে হোৱা অবিৰত বৰষুণে সমগ্ৰ দেশৰ প্ৰায়বোৰ ডাঙৰ ঘাইপথত ব্যাঘাত জন্মায়। নেপাল আৰক্ষীৰ মতে, পূব দিশৰ মেচি ঘাইপথৰ পৰা মিড-হিল আৰু বি পি হাইৱেলৈকে কেইবাটাও ডাঙৰ পথৰ অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে মদন ভাণ্ডাৰী ঘাইপথত যাতায়ত আংশিকভাৱে পুনৰ আৰম্ভ হৈছে আৰু একমুখী ব্যৱস্থাৰে চলি আছে।

বৰ্তমান কোশী, সিদ্ধিচৰণ, মেচি, মিড-হিল, পাছাং লামু, আৰনিকো, বি পি, কান্তি লোকপাঠ, আৰু কুলেখানী-চিছনেৰী-দক্ষিংকালী-কাঠমাণ্ডু পথৰ অংশ অবিৰত বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানপানীৰ বাবে বন্ধ হৈ আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande