নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। নিৰ্বাচন আয়োগে বিহাৰকে ধৰি ৭খন ৰাজ্যৰ ৮খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ সময়সূচী আজি সোমবাৰে ঘোষণা কৰে। এই সকলোবোৰ আসনৰ বাবে ভোটদান দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে ১১ নৱেম্বৰত কৰা হ’ব। বিহাৰৰ লগতে ১৪ নৱেম্বৰত ফলাফলসমূহ ঘোষণা কৰা হ’ব।
এই উপ-নিৰ্বাচনৰ আসনসমূহৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ বুডগাম আৰু নগ্ৰোটা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটশিলা (এছ টি), তেলেংগানাৰ জুবিলী হিলছ, পঞ্জাৱৰ তৰণতাৰণ, মিজোৰামৰ ডাম্পা, ওড়িশাৰ নুআপাদাৰ । ইয়াৰে পদত্যাগৰ বাবে বুডগাম আসনখন খালী হৈ পৰে, আৰু ৰাজস্থানৰ অন্তা আসনখন অযোগ্যতাৰ বাবে খালী হয়। আনহাতে বিধায়কৰ মৃত্যুৰ বাবে বাকী সকলো আসন খালী হৈ পৰে।
আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীৰ উপস্থিতিত বিহাৰৰ নিৰ্বাচন আৰু সাতখন ৰাজ্যৰ ৮খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।
এই আসনসমূহৰ বাবে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। কিন্তু স্থানীয় পৰিস্থিতিৰ বাবে কিছু তাৰিখ সলনি হ’ব পাৰে। ১৩ অক্টোবৰত সকলো আসনৰ বাবে জাননী জাৰি কৰা হ’ব। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ বাবে ২০ অক্টোবৰলৈকে, আৰু বাকী আসনৰ বাবে ২১ অক্টোবৰলৈকে মনোনয়ন দাখিল কৰিব পাৰিব। ২২ আৰু ২৪ অক্টোবৰত মনোনয়ন পত্ৰৰ পৰীক্ষা আৰু প্ৰত্যাহাৰ কৰা হ’ব। কেৱল ৰাজস্থানৰ আন্তা আসনৰ বাবে এই তাৰিখসমূহ হ’ব ২৩ আৰু ২৭ অক্টোবৰ।
জম্মু-কাশ্মীৰৰ বুডগাম আসনৰ পৰা পদত্যাগ কৰিছে ওমৰ আব্দুল্লাই। ৰাজস্থানত আন্তাৰ পৰা কানৱাৰলালক অযোগ্য ঘোষণা কৰা হয়। জম্মু-কাশ্মীৰৰ নগ্ৰোটাৰ পৰা দেৱেন্দ্ৰ সিং ৰাণা, ঝাৰখণ্ডৰ ঘাটশিলা (এছ টি) আসনৰ পৰা ৰামদাস সোৰেন, তেলেংগানাৰ জুবিলী হিলছৰ পৰা মগন্তী গোপীনাথ, পঞ্জাৱৰ তৰণতাৰণৰ পৰা ডাঃ কাশ্মীৰ সিং সোহাল, মিজোৰামৰ ডাম্পা (এছ টি)ৰ পৰা লালৰিণ্টলুয়াংগা ছাইলা, ওড়িশাৰ নুয়াপাদাৰ পৰা ৰাজেন্দ্ৰ ঢোলাকিয়াৰ মৃত্যু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ