দৰং, ০৬ অক্টোবৰ (হি.স.): অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আব্দুল জব্বৰৰ দেহৱসান ঘটিছে। যোৱা কালি দেওবাৰে আবেলি গুৱাহাটীত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেখেত ইহলীলা সম্বৰণ কৰে ।
উল্লেখ্য যে খাৰুপেটীয়াস্থিত নিজ বাসভৱনত পিচল খাই পৰি গুৰুতৰভাৱে অসুস্থ হৈছিল প্ৰাক্তন মন্ত্ৰী আব্দুল জব্বৰ। ইয়াৰ পিছতেই তেওঁক গুৱাহাটীত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰণিধানযোগ্য আব্দুল জব্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত কেবিনেট মন্ত্ৰী হিচাপে আছিল। মন্ত্ৰী জব্বৰৰ মৃত্যুৰ সময়ত ৯৬ বছৰ বয়স হৈছিল । কাইলৈ খাৰুপেটীয়া টাউনৰ সমূহীয়া কবৰস্থানত মন্ত্ৰী গৰাকীৰ জানাজা সম্পন্ন কৰা হ'ব । দলগাওঁ সমষ্টিৰ এজন প্ৰকৃত সমাজ সংস্কাৰক হিচাপে আব্দুল জব্বৰ এজন চৰ্চিত ব্যক্তি আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ