দাৰ্জিলিঙত ধ্বংসলীলাঃ ১২ ঘণ্টাত ২৬১ মিলিমিটাৰ বৰষুণৰ ফলত পাহাৰ খহি ২০ জন লোকৰ মৃত্যু
শিলিগুৰি (পশ্চিম বংগ), ০৬ অক্টোবৰ (হি.স.)। উত্তৰ বংগৰ দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বিগত ১২ ঘণ্টাত ২৬১ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই পৰ্যন
आपदा


শিলিগুৰি (পশ্চিম বংগ), ০৬ অক্টোবৰ (হি.স.)। উত্তৰ বংগৰ দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বিগত ১২ ঘণ্টাত ২৬১ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই পৰ্যন্ত কমেও ২০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে কেইবাজনো পৰ্যটক। ৰাজ্য চৰকাৰে তীব্ৰতৰ কৰি তুলিছে সাহায্য আৰু উদ্ধাৰ অভিযান। আজি উত্তৰ বংগ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

স্থানীয় বাসিন্দাসকলে কয় যে বিগত ২৭ বছৰত এনে ভয়াৱহ পৰিস্থিতি দেখা পোৱা নাই। শেষবাৰৰ বাবে এনে দুৰ্যোগ সংঘটিত হৈছিল ১৯৯৮ চনত।মিৰিক আৰু সুখিয়াপোখাৰি অঞ্চলত সৰ্বাধিক ক্ষতিসাধন হৈছে। বহু ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট ভাঙি যোৱাৰ বিপৰীতে কিছু দলং জাহ গৈছে। মিৰিক অঞ্চলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনা, আৰু স্থানীয় আৰক্ষীয়ে সাহায্য অভিযানত নিয়োজিত হৈ আছে। কিন্তু বতৰ বেয়াৰ বাবে উদ্ধাৰ অভিযানত কেইবাবাৰো বাধাৰ সৃষ্টি হৈছে। দুধীয়া, ডামফেদৰ, দৰগাঁও আদি অঞ্চলৰ ঘৰ সম্পূর্ণৰূপে ধ্বংস হৈছে৷ কেইবাটাও হোমষ্টে আৰু এটা বি এছ এফৰ কেম্পো ক্ষতিগ্ৰস্ত হৈছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে পুৱাৰে পৰা নবন্নাৰ কণ্ট্ৰল ৰুমৰ পৰাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি জানিবলৈ দিয়ে। তেওঁ কয়, দুৰ্ঘটনা কাৰো নিয়ন্ত্ৰণত নাই। আমি দুখী। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ বংগৰ পাঁচখন জিলাৰ বিষয়াৰ সৈতে কথা পাতিছো। পুৱাৰে পৰা পৰিস্থিতি নিৰীক্ষণ কৰি আহিছো আৰু সোমবাৰে বিয়লি ৩ বজাৰ ভিতৰত উত্তৰ বংগত উপস্থিত হ'ম।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই দুৰ্যোগত প্ৰাণ হেৰুৱাই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াব।

পৰ্যটক আবদ্ধ, পথ বন্ধ

বৃহৎ পৰিমাণৰ ভূমিস্খলন আৰু দলং ভাঙি যোৱাৰ ফলত শিলিগুৰি, দাৰ্জিলিং, কালিম্পং, আৰু ছিকিমৰ মাজত পথ সংযোগ সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে। শিলিগুৰিৰ পৰা ছিকিম আৰু কালিম্পংলৈ যোৱা ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। কেইবাটাও স্থানৰ পৰা পোৱা খবৰ অনুসৰি তীস্তা নদীৰ পানী পথটোলৈ বৈ আছে। ৭১৭ নম্বৰৰ বিকল্প পথটোও বন্ধ। একেদৰে শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈ যোৱা ৫৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰোহিনী পথতো যাতায়ত বন্ধ হৈ আছে। দুধীয়া দলং ভাঙি যোৱাৰ ফলত কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰিছে মিৰিক অঞ্চল।

অৱশ্যে বিকল্প পথ, যেনে- পঞ্চাবাৰী পথ আৰু দাৰ্জিলিং-মাংপু পথত আংশিক যাতায়ত চলি আছে। মিৰিকত আবদ্ধ হৈ থকা পৰ্যটকসকলে নলপাটং-লোহাগড় পথেৰে শিলিগুৰি পোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। আৱদ্ধ পৰ্যটকসকলক আতংকিত নহ’বলৈ আৰু য’ত আছে তাতেই থাকিবলৈ আহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। তেওঁ কয়– হোটেল পৰিচালকে কোনো পৰ্যটকৰ পৰা অতিৰিক্ত ভাড়া লোৱা উচিত নহয়। সকলোৰে নিৰাপদে উভতি অহাটো চৰকাৰৰ দায়িত্ব।

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও দাৰ্জিলিঙৰ দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰি দলীয় কৰ্মীসকলক ভুক্তভোগীক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, দেৱী দুৰ্গাৰ আশীৰ্বাদত আমি এই সংকট অতিক্ৰম কৰিম। জিটিএৰ মুৰব্বী তথা ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা অনিত থাপাই প্ৰকাশ কৰা অনুসৰি কেৱল মিৰিক অঞ্চলতে ১৫জন লোকৰ মৃত্যু হৈছে। তেওঁ কয় যে প্ৰশাসন, অভিযন্তা, বিডিঅ’, মহকুমা বিষয়া, জনপ্ৰতিনিধি সকলোৱে সাহায্যৰ কামত নিয়োজিত হৈ আছে। দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্টাই কেন্দ্ৰীয় চৰকাৰক ৰাজ্যখনক দুৰ্যোগ মণ্ডল হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে। তেওঁ কয় যে বিজেপি কৰ্মীসকলক সাহায্য কামত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে।

ধ্বংস কেনেকৈ হ’ল

শনিবাৰে নিশা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণে পাহাৰত জোকাৰণি তুলিছিল। ধাৰাবাহিক বৰষুণৰ ফলত মাটি ঢিলা হোৱাৰ লগতে কেইবাঠাইতো ভূমিস্খলনৰ সৃষ্টি হয়। দুধীয়া, সৌৰেনী, ডামফেদৰ, ডিলাৰাম আদি অঞ্চলত ঘৰ-দুৱাৰ আৰু ৰাস্তা-ঘাট উটুৱাই লৈ গ’ল। তীস্তা আৰু দুধিয়া নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বাঢ়নী পানী। কৰ্তৃপক্ষই জনসাধাৰণক ওখ ঠাইলৈ যাবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। সাহায্য শিবিৰত খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande