কাৰ্বি আংলং, ০৬ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পুন্যাত্মাৰ সদ্গতিৰ বাবে ডিফুৰ ডিফু ক্লাবতো আয়োজন কৰা হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কাৰ্বি আংলঙত বসবাস কৰা প্ৰায় সকলো ধৰ্মৰ লোকে দেওবাৰে সন্ধিয়াৰ পৰা ডিফু ক্লাবত সমবেত হৈ নিজস্ব ধৰ্মীয় ৰীতি-নীতিৰে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰাৰ্থনা কৰে। জাতি-ধৰ্মত বিশ্বাস নকৰি কেৱল মানৱ ধৰ্মত বিশ্বাস কৰা সূৰ্য কণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত উচিতভাৱে সম্পন্ন হ'ব বুলি আশা ব্যক্ত কৰে ডিফু ক্লাব কৰ্তৃপক্ষই।
উল্লেখ্য় যে অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে এই ধৰাৰ পৰা বিদায় লোৱাৰ এপষেক উকলিছে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ