ৰায়ে বৰেলীত সংঘটিত যুৱক হত্যাৰ এছআইটি তদন্তৰ দাবী কংগ্ৰেছৰ
নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলীত এজন যুৱকৰ হত্যাকাণ্ডৰ পিছতে কংগ্ৰেছ দলে ১ কোটি টকাৰ ক্ষতিপূৰণ, চৰকাৰী চাকৰি, আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ দাবী উত্থাপন কৰিছে। কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগৰ সভাপতি
कांग्रेस के अनुसूचित जाति विभाग के अध्यक्ष राजेंद्र पाल गौतम


নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলীত এজন যুৱকৰ হত্যাকাণ্ডৰ পিছতে কংগ্ৰেছ দলে ১ কোটি টকাৰ ক্ষতিপূৰণ, চৰকাৰী চাকৰি, আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ দাবী উত্থাপন কৰিছে।

কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগৰ সভাপতি ৰাজেন্দ্ৰ পাল গৌতমে সংবাদমেলত দাবী কৰে যে বিগত ১০ বছৰত ৰাজ্যত দলিত অত্যাচাৰৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশৰ ভিতৰতে সৰ্বাধিক পাঁচখন ৰাজ্যত দলিত অত্যাচাৰৰ ঘটনা সংঘটিত হৈছে। এই ৰাজ্য়সমূহত দলিত অত্যাচাৰৰ ৭৫% ঘটনা সংঘটিত হৈছে।

গৌতমে কয় যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনত সমগ্ৰ দেশতে দলিতৰ বিৰুদ্ধে ৫৭,৭৮৯টা অপৰাধ পঞ্জীয়ন হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত দলিতৰ বিৰুদ্ধে সৰ্বাধিক ১৫,১৩০টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত ৰায়ে বৰেলীত হৰিওম পাছৱান নামৰ যুৱক এজনক হত্যা কৰাৰ খবৰ ওলাইছিল। ইয়াৰ পিছতে এই হত্যাকাণ্ডৰ তিনিটা ভিডিঅ’ পোহৰলৈ আহে। ভিডিঅ’টোত যুৱকজনক লাঠি আৰু বেল্টৰে প্ৰহাৰ কৰা দেখা গৈছে। এটা ভিডিঅ’ত যুৱকজনৰ মৃতদেহ ৰে’লপথৰ কাষত পৰি থকা দেখা গৈছে, আন এটা ভিডিঅ’ত যুৱকজনক প্ৰহাৰ কৰা দেখা গৈছে। ঘটনাৰ পিছতে আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি উঞ্চাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰক বদলি কৰে। আন তিনিজন আৰক্ষীকো নিলম্বন কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande