গেংটক, ০৬ অক্টোবৰ (হি.স.)। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। বৈঠকত মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক জি এছ টি ২.০ৰ বাবে অভিনন্দন জনোৱাৰ লগতে বাকী থকা দাবী সন্দর্ভত এখন স্মাৰক পত্ৰ দাখিল কৰে৷ এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত এটা পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী তামাঙে উল্লেখ কৰে যে বৈঠকৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ দূৰদৰ্শী নেতৃত্ব, অবিৰত সমৰ্থন, আৰু উৎসাহৰ বাবে ছিকিমৰ জনসাধাৰণৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰবল সমৰ্থনে তেওঁক এখন উজ্জ্বল আৰু স্বাৱলম্বী ছিকিম নিৰ্মাণৰ বাবে নিৰন্তৰ অনুপ্ৰাণিত কৰি আহিছে।
মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক জি এছ টি ২.০ আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনাই কয় যে এই সংস্কাৰ ব্যৱসায় কৰাত সহজতা বৃদ্ধি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক সবলীকৰণ, সমবায় ফেডাৰেলিজম শক্তিশালী কৰা, নাগৰিকৰ ওপৰত কৰ বোজা হ্ৰাস কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৫ চনৰ মে’ মাহত ছিকিম ৰাজ্য গঠনৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত বেয়া বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ছিকিম ভ্ৰমণ বাতিল হোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ উৎসাহজনক বাৰ্তাই প্ৰতিজন ছিকিমবাসীৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছিল। ২০২৫ চনৰ নৱেম্বৰৰ শেষৰ ফালে তেওঁ প্ৰধানমন্ত্ৰীক পুনৰ ছিকিম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বিবেচনাৰ বাবে ঐতিহাসিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক গুৰুত্বৰ দীৰ্ঘদিনীয়া বিষয়সমূহো উপস্থাপন কৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে ছিকিমৰ ঐক্য, সাংস্কৃতিক সমৃদ্ধি, আৰু অবিৰত অগ্ৰগতিৰ শলাগ লৈ এই আকাংক্ষাসমূহৰ প্ৰতি ইতিবাচক সমৰ্থনৰ আশ্বাস দিয়ে। তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব আৰু অমূল্য নিৰ্দেশনাত ছিকিমে শক্তিশালী, উদ্দেশ্যপ্ৰণোদিত, আৰু মৰ্যাদাপূৰ্ণভাৱে সোণালী, সমৃদ্ধিশালী আৰু সুৰক্ষিত ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব।
हिन्दुस्थान समाचार / অৰৱিন্দ