ভৰিত জোতা চেণ্ডেল পিন্ধি শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ প্ৰতিক্ৰিয়া
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত 'মম শিখা সমদলত' অথন্তৰ।
ভৰিত জোতা চেণ্ডেল পিন্ধি শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ প্ৰতিক্ৰিয়া


বঙাইগাঁও, ০৬ অক্টোবৰ (হি.স.): বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত কালি সন্ধিয়া 'মম শিখা সমদল'ত এক অথন্তৰ ঘটে। প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ অভয়াপুৰী ৰাজীৱ ভৱনত আয়োজিত অনুষ্ঠানত একাংশ কংগ্ৰেছ কৰ্মীয়ে ভৰিত জোতা চেণ্ডেল পিন্ধি জ্ঞাপন কৰা পৰিলক্ষিত হয়। এইদৰে জনপ্ৰিয় কণ্ঠশিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ দেখাক দেখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান পাতি এক প্ৰকাৰ শিল্পীগৰাকীক অপমান কৰিছে।

সাম্যক জ্ঞান নথকাসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লাগে বুলি অনুষ্ঠান পাতি প্ৰাণৰ শিল্পী গৰাকীক অপমানহে কৰিছে । প্ৰাণৰ শিল্পী গৰাকীৰ অনুৰাগীৰ বেশ ধৰি নিজক আটক ধুনীয়া কৈ সজাইপৰাই ভৰিত জোতা পিন্ধি পৰম্পৰা ৰক্ষা হে কৰিছে এই সকল নামধাৰী কংগ্ৰেছকৰ্মী সকলে। প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি তিলমানো শ্ৰদ্ধা ভক্তি থাকিলে ভৰিত জোতা চেণ্ডেল পিন্ধি শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰিলেহেঁতেন বুলিও চৰ্চিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande