নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ নাগ্ৰাকাটাত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি থকা অৱস্থাত বিজেপি নেতাসকলক একাংশই আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় মালদা উত্তৰৰ বিজেপি সাংসদ খগেন মুৰ্মু।
সোমবাৰৰ এই ঘটনাক গৰিহণা দি বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই কয় যে তৃণমূল কংগ্ৰেছে বংগত জংগল ৰাজ চলাই আছে। মালদা উত্তৰৰ দুবাৰৰ সাংসদ তথা সন্মানীয় জনজাতি নেতা বিজেপিৰ সাংসদ খগেন মুৰ্মুক জলপাইগুৰিৰ দুৱাৰছ অঞ্চলৰ নাগ্ৰাকাটালৈ গৈ বিধ্বংসী বৰষুণ, বানপানী, আৰু ভূমিস্খলনৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ গৈ থকা অৱস্থাত টিএমচিৰ গুণ্ডাই আক্ৰমণ কৰে।
তেওঁ কয় যে মমতা বেনাৰ্জীয়ে তেওঁৰ কলকাতা কাৰ্নিভালত নাচি থকাৰ সময়ত তৃণমূল কংগ্ৰেছ আৰু ৰাজ্য প্ৰশাসন অনুপস্থিত আছিল। তাত বিজেপিৰ নেতা-কৰ্মীসকলে বানাক্ৰান্তৰ বাবে সাহায্য কামত নিয়োজিত হৈছিল, আৰু সেইবাবেই তেওঁলোকক আক্ৰমণ কৰা হৈছিল। এইখন তৃণমূল কংগ্ৰেছ বংগ, য’ত বৰ্বৰতাৰ প্ৰকোপ, আৰু সহায় আগবঢ়োৱাৰ বাবে মানুহক মাৰপিট আৰু শাস্তি দিয়া হয়।
উল্লেখযোগ্য যে বানপীড়িত লোকক সাহায্য সামগ্ৰী বিতৰণৰ উদ্দেশ্যে বানাক্ৰান্ত অঞ্চলত বিজেপিৰ এটা প্ৰতিনিধি দল উপস্থিত হোৱাৰ সময়তে হঠাতে শিলগুটি নিক্ষেপ হয়। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় মালদা উত্তৰৰ বিজেপি সাংসদ খগেন মুৰ্মু। প্ৰত্যক্ষদৰ্শীৰ মতে, শিলৰ ফলত তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাত লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শিলিগুৰিৰ বিধায়ক ডাঃ শংকৰ ঘোষো আহত হয় এই হিংসাত্মক ঘটনাত। স্থানীয় বিধায়ক শংকৰ ঘোষকে ধৰি মুৰ্মুকে ধৰি আন বিজেপি নেতাসকলক বানাক্ৰান্ত লোকক সাহায্য সামগ্ৰী বিতৰণ কৰি থকা অৱস্থাত আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংঘটিত হোৱা এই আক্ৰমণে ৰাজ্যৰ ৰাজনীতিক পুনৰ উত্তপ্ত কৰি তুলিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া