নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ত আজি সোমবাৰে হঠাৎ অপ্ৰত্যাশিত পৰিৱেশৰ সৃষ্টি হয়। এগৰাকী অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ ওপৰত আক্ৰমণ চলায়। অধিৱক্তা জনৰ নাম ৰাকেশ কিশোৰ আৰু তেওঁৰ বয়স ৭১ বছৰ। ভগৱান বিষ্ণু সন্দৰ্ভত মুখ্য ন্যায়াধীশ গাৱৈৰ বক্তব্যই তেওঁক ক্ষুন্ন কৰিছিল। খবৰ অনুসৰি, অধিবক্তাৰে ভৰি থকা আদালতত ‘সনাতনৰ অপমান সহ্য নকৰো’ ধ্বনি দিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মুখ্য ন্যায়াধীশ গৱাইৰ ফালে জোতা নিক্ষেপৰ চেষ্টা কৰে। অৱশ্যে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
অভিযুক্ত অধিবক্তাগৰাকীক ৰাকেশ কিশোৰ বুলি চিনাক্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ত উপস্থিত আৰক্ষীয়ে তেওঁক ততালিকে জিম্মাত লয় আৰু সোধা-পোছা কৰি থকা হৈছে। নতুন দিল্লীৰ ডিচিপি আৰু উচ্চতম ন্যায়ালয়ৰ ডিচিপিও উপস্থিত আছে।
মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে অধিবক্তাৰ গোচৰৰ শুনানিৰ বাবে মেনছন শুনি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। কোৱা হৈছে যে অধিবক্তা ৰাকেশ কিশোৰে ন্যায়াধীশৰ ডাইচৰ ওচৰলৈ যায় আৰু জোতা খুলি নিক্ষেপ কৰাৰ চেষ্টা চলায়, অৱশ্যে নিৰাপত্তাৰক্ষীয়ে সেয়া বাধা দিয়ে। নিৰাপত্তাৰক্ষীয়ে যেতিয়া অভিযুক্ত অধিবক্তাজনক কৰায়ত্ত কৰি বাহিৰলৈ লৈ গৈছিল, সেই সময়ত ‘সনাতনৰ অপমান সহ্য নকৰো’ ধ্বনি দিছিল।
ইফালে সমগ্ৰ ঘটনাটোত ন্যায়াধীশ গাভাই শান্ত হৈ থাকিল, আৰু আদালতৰ শুনানি সদায়ৰ দৰেই চলি থাকিল। তেওঁ কৈছিল যে এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ