কলকাতা, ০৬ অক্টোবৰ (হি.স.)। উত্তৰ বংগৰ বান ধ্বংসলীলাৰ মূল্যায়ন কৰিবলৈ যোৱা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষ সোমবাৰে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয়। ঘটনাত মুৰ্মু আহত হোৱাৰ বিপৰীতে ঘোষৰ গাড়ীত শিলগুটি নিক্ষেপ কৰি খিৰিকী ছিঙি যায়। তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মুৰ্মুৰ ভিডিঅ’ পোহৰলৈ আহিছে।
বিজেপিৰ মতে, নাগ্ৰাকাটাৰ বামাণ্ডাংগা অঞ্চলত মালদা উত্তৰৰ সাংসদ খগেন মুৰ্মু আৰু শিলিগুৰিৰ বিধায়ক শংকৰ ঘোষে সাহায্য কাম পৰিদৰ্শন কৰিবলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। নিৰাপত্তাৰক্ষীৰ সহায়ত বানাক্ৰান্ত অঞ্চলটোৰ দিশে গৈ থকা অৱস্থাত হঠাতে ভিৰৰ একাংশ সদস্যই ঠেলি ঠেলিবলৈ আৰম্ভ কৰে। এজন মানুহে ঘোষক পিছফালৰ পৰা ঠেলি দিলে। পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি নিৰাপত্তাৰক্ষীয়ে নেতাসকলক উদ্ধাৰৰ চেষ্টা চলায়।
প্ৰত্যক্ষদৰ্শীৰ মতে, ষ্টাম্পেডৰ সময়ত সাংসদ খগেন মুৰ্মুক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত তেওঁৰ মুখ আৰু নাকত আঘাত পোৱাৰ লগতে ৰক্তক্ষৰণ হয়। আতংকিত নেতাজনে নিজৰ গাড়ীখনৰ ওচৰ পাবলৈ সক্ষম হ’ল যদিও তেতিয়ালৈকে ভিৰৰ মাজৰ একাংশ লোকে তেওঁৰ গাড়ীখনৰ খিৰিকীবোৰ ছিঙি পেলায়।
তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ গুৰুতৰ অভিযোগ
ঘটনাৰ পিছতে তৃণমূল কংগ্ৰেছৰ ওপৰত বিজেপি নেতাসকলে তীব্ৰ আক্ৰমণ চলায়। বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্যই টুইটাৰযোগে পোষ্ট কৰি কয়, আজি নাগ্ৰাকাটাত তৃণমূলৰ গুণ্ডাসকলে সাংসদ খগেন মুৰ্মুক আক্ৰমণ কৰে। এই ৰাজ্যখনে এতিয়া আইনৰ অধীনত শাসন নকৰে, বৰঞ্চ ধৰ্ষণকাৰীয়ে শাসন কৰে। উত্তৰ বংগত ব্যাপক ধ্বংসলীলা হোৱাৰ পিছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কাৰ্নিভালৰ কামত ব্যস্ত আছিল, আৰু আজি তেওঁৰ দলৰ সদস্যসকলে এনে হুলস্থুলৰ সৃষ্টি কৰিছে।
তৃণমূল বিজেপিৰ বিৰুদ্ধে প্ৰত্য়াক্ৰমণ
ইফালে উত্তৰ বংগৰ উন্নয়ন মন্ত্ৰী উদয়ন গুহাই সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই অভিযোগসমূহ শুদ্ধভাৱে নাকচ কৰে। ঘটনাস্থলীত প্ৰতিবাদকাৰীসকলে কোনো ৰাজনৈতিক দলৰ পতাকা লৈ যোৱা নাছিল বুলিও তেওঁ কয়। গতিকে এই ঘটনাৰ মাজত তৃণমূল কংগ্ৰেছৰ নাম টানি অনাটো ভুল।
অৱশ্যে এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰি তদন্ত আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া