বন্দিতা দেৱী ৰাভালৈ ৰাষ্ট্ৰীয় কৃতিত্বৰ বাবে মুখ্যমন্ত্ৰীৰ অভিনন্দন
গুৱাহাটী, ০৬ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ বন্দিতা দেৱী ৰাভাক প্ৰসাধন বিজ্ঞানৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি ৰাজ্য তথা দেশলৈ পুৰস্কাৰ কঢ়িয়াই অনাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নতুন দিল্লীৰ বিজ
Image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০৬ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ বন্দিতা দেৱী ৰাভাক প্ৰসাধন বিজ্ঞানৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি ৰাজ্য তথা দেশলৈ পুৰস্কাৰ কঢ়িয়াই অনাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত চতুৰ্থ ৰাষ্ট্ৰীয় দক্ষতা সন্মিলনত এই কৃতিত্ব অৰ্জন কৰে বন্দিতাই। গোৱালপাৰাৰ পৰা বিজ্ঞান ভৱনলৈ বন্দিতাৰ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চলি থকা স্কিল ইণ্ডিয়া অভিযানৰ জীৱন্ত প্ৰতীক বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে বন্দিতাৰ সফলতাই এক নতুন ভাৰত গঢ়ি তোলা দক্ষতা, পৰিসৰ, আৰু গতিৰ শক্তিৰ উদাহৰণ দাঙি ধৰে। বন্দিতাক অভিনন্দন জনাই তেওঁ কয় যে তেওঁৰ এই কৃতিত্বই অসমৰ অগণন যুৱক-যুৱতীক নিজকে দক্ষতাৰে নিজৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে অনুপ্ৰাণিত কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande