অৰুণোদয় ৩.০ আঁচনিয়ে ৰাজ্যৰ ৩৮ লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব ঃ বিজেপি
গুৱাহাটী, ০৬ অক্টোবৰ (হি.স.)। ৰাজ্যৰ মহিলা সকলৰ সৱলীকৰণ আৰু সকাহ প্রদানৰ বাবে ২০২০ চনৰ পৰাইঅৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছে। ৮৫০ টকাৰে আৰম্ভ হোৱা আৰুণোদয় আঁচনিৰ ধন বৰ্তমান ১২৫০ টকালৈবৃদ্ধি কৰা হৈছে। অসম প্রদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ০৬ অক্টোবৰ (হি.স.)। ৰাজ্যৰ মহিলা সকলৰ সৱলীকৰণ আৰু সকাহ প্রদানৰ বাবে ২০২০ চনৰ পৰাইঅৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছে। ৮৫০ টকাৰে আৰম্ভ হোৱা আৰুণোদয় আঁচনিৰ ধন বৰ্তমান ১২৫০ টকালৈবৃদ্ধি কৰা হৈছে। অসম প্রদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা একপ্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ ড০ জেফ্ৰিণ মেহজেবিনে কয় যে, অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ মহিলাসকলকসন্মানেৰে স্বনিৰ্ভৰশীল হোৱাত যথেষ্ট উদঙণি যোগাইছে।

যি সময়ত সমাজৰ প্রায় অৰ্ধেক জনসংখ্যা সামৰিলোৱা মহিলা সকলে বিত্তীয় স্বাধীনতা নোহোৱাৰ ফলত এগৰাকী পৰিয়ালৰ গৌণ সদস্য হিচাপে থাকিব লগাহৈছিল আজি অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে পৰিয়ালৰ লগতে সমাজত উল্লেখযোগ্য স্থান পাবলৈ সক্ষমহৈছে। অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে নিজৰ উৎপাদনমূখী কৰ্মত নিয়োজিত কৰি নিজকে স্বাৱলম্বীকৰি তুলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অহা ৭ অক্টোবৰ তাৰিখে অৰুণোদয় ৩.০ কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰখানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব। বুনিয়াদী অর্থনীতিৰ সৱলীকৰণেৰে প্রগতিৰ দিশত ৰাজ্যখনক আগুৱাই নিয়াটোৱে অৰুণোদয় আঁচনিৰ মূল লক্ষ্য। তদুপৰি অৰুণোদয় ৩.০ এইবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভোটগ্ৰহণ কেন্দ্ৰ পৰ্য্যায়লৈলৈ গৈ সমাজৰ প্রত্যেকজন উপযুক্ত হিতাধিকাৰীয়ে যাতে ইয়াৰ সুফল লাভ কৰে তাৰ ব্যৱস্থা কৰিছে। অহা ৭অক্টোবৰত ৰাজ্যৰ ২৫ হাজাৰ ভোটগ্ৰহণ কেন্দ্ৰত জনপ্ৰতিনিধি আৰু সমাজকমী সকলৰ গৌৰৱময় উপস্থিতিতপ্রায় ৩৬৮ লাখতকৈ অধিক পৰিয়ালক সামৰি অৰুণোদয় ৩.০ ৰূপায়ন কৰা হ’ব।

আনহাতে আজি দিশপুৰস্থিত জনতা ভৱনত অসম চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনি নামেৰে এক উল্লেখযোগ্যআঁচনি আৰম্ভ কৰে। এই আঁচনিৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত অসমৰ সন্তানৰ বিয়োগ ঘটাৰ পৰিস্থিতিতঅসমলৈ সন্মানজনক আৰু অসুবিধামুক্ত পৰিবহন নিশ্চিতকৰণ তথা অসম চৰকাৰে মৃত্যুৰ প্রতিবেদন লাভ কৰিআৰু সত্যাসত্য নিৰূপণ কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰলজিষ্টিকেল আৰু অন্যান্য আনুষ্ঠানিকতা নিশ্চিত কৰিব।

ইয়াৰ অধীনত শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰতথকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনক মৃত্যু হ'লে ৰাজ্য চৰকাৰে উল্লেখ কৰা ৯১৮১০-১৪৮৮৮, ০৩৬১-২৩৮১৫১১, ১১২ অথবা sewasetu.assam.gov.in যোগে হেল্পলাইনত অভিযোগ প্ৰাপ্ত কৰাৰ পাছতমৃতকক সন্মানজনকভাৱে অসমলৈ ঘূৰাই অনাটো নিশ্চিত কৰিব বুলি উল্লেখ কৰে। শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তেবহিৰাজ্যত কৰ্মৰত কৰ্মচাৰী সকলৰ বাবে এক বৃহৎ সকাহ বুলি বিজেপি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে। লগতেঅৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা সকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহক সকাহ প্রদান কৰাৰবাবে ৰাজ্যিক বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande