সীমাৰ সীপাৰৰ পৰা সৰবৰাহৰ সৈতে জড়িত দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ, ২.৫ কেজি হেৰ’ইন আৰু ৫টা পিষ্টল উদ্ধাৰ
চণ্ডীগড়, ০৫ অক্টোবৰ (হি.স.)। অমৃতসৰৰ কাউণ্টাৰ ইনটেলিজেন্স (চি আই)–এ পাকিস্তানৰ সৈতে জড়িত সীমাপাৰ চোৰাং কাৰবাৰৰি ২.৫ কেজি হেৰ’ইন আৰু পাঁচটা অত্যাধুনিক পিষ্টলসহ দুজন সদস্যক গ্ৰেপ্তাৰ কৰি অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ চক্ৰ ধৰা পেলায়। দেওবাৰে পঞ্জাৱৰ আ
पंजाब पुलिस द्वारा बरामद हेरोइन व हथियार


চণ্ডীগড়, ০৫ অক্টোবৰ (হি.স.)। অমৃতসৰৰ কাউণ্টাৰ ইনটেলিজেন্স (চি আই)–এ পাকিস্তানৰ সৈতে জড়িত সীমাপাৰ চোৰাং কাৰবাৰৰি ২.৫ কেজি হেৰ’ইন আৰু পাঁচটা অত্যাধুনিক পিষ্টলসহ দুজন সদস্যক গ্ৰেপ্তাৰ কৰি অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ চক্ৰ ধৰা পেলায়।

দেওবাৰে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয় যে তৰণ তৰণৰ গাঁও ধোলানৰ নিবাসী গুৰজন্ত সিং আৰু ছিনা বিধি চান্দ গাঁৱৰ বাসিন্দা গুৰভেল সিংক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে চাৰিটা ৯ মিমি গ্লক পিষ্টল (মেগজিনসহ) আৰু এটা .৩০ ব’ৰ পিষ্টল (মেগজিনসহ)। ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ চালানৰ উপৰিও আৰক্ষীৰ দলসমূহে এই চালানসমূহ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা তেওঁলোকৰ মহিন্দ্ৰা ৩এক্সঅ’ গাড়ীও জব্দ কৰে। ডিজিপি গৌৰৱ যাদৱে কয় যে প্ৰাথমিক তদন্তত ধৰা পৰিছে যে ধৃত অভিযুক্তই পাকিস্তানস্থিত এজন সৰবৰাহকাৰীৰ নিৰ্দেশত ড্ৰাগছ সৰবৰাহ কৰিছিল।

তেওঁ কয় যে উদ্ধাৰ হোৱা অস্ত্ৰসমূহ পঞ্জাৱত অবৈধ কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে গেংষ্টাৰ আৰু অপৰাধীক যোগান ধৰাৰ উদ্দেশ্যেৰে। অভিযানৰ সবিশেষ ভাগ-বতৰা কৰি তেওঁ কয় যে চি আই অমৃতছাৰে ভাৰত-পাকিস্তান সীমান্তৰ পৰা অচিনাক্ত ব্যক্তিয়ে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰীৰ বৃহৎ চালান লাভ কৰা বুলি চোৰাংচোৱাগিৰি লাভ কৰিছে, যিটো তৰ্ণ তৰণৰ ধোলান আৰু ছিনা বিধি চান্দ অঞ্চলত ড্ৰ’ন ব্যৱহাৰ কৰি সীমান্ত পাৰ হৈ পৰিবহণ কৰা হৈছিল।

তেওঁ কয় যে ক্ষিপ্ৰতাৰে কাম কৰি চি আই অমৃতসৰৰ আৰক্ষীৰ দলে মহিন্দ্ৰা ৩এক্সঅ’ গাড়ী এখন আটক কৰি তৰ্ণ তৰণৰ অমৃতসৰ-ভিখীৱিন্দ পথত চালানটো আন কাৰোবাক যোগান ধৰিবলৈ গৈ থকা অৱস্থাত আটক কৰে। তেওঁলোকৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী। ডিজিপিয়ে কয় যে এই গোচৰত সমগ্ৰ নেটৱৰ্কটো উন্মোচন কৰি আগলৈ পিছলৈ সংযোগ স্থাপনৰ বাবে তদন্ত চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande