হোজাই, ০৫ অক্টোবৰ (হি.স.)। ৱাকফ (Waqf) বিলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ জালত পৰিছে লামডিং এলেকাৰ এগৰাকী মুছলমান যুৱক। যুৱকজনে নিজৰ ছচিয়েল মিডিয়া একাউন্ট ফেচবুকৰ জড়িয়তে ৱাকফ বিলৰ বিৰোধিতা কৰাৰ লগতে সাধাৰণ ৰাইজক উচতনি মূলক মন্তব্য প্ৰদান কৰিছিল।
এই ঘটনাক লৈ হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত আৰক্ষীৰ দলে যুৱক জনক নিশাৰ ভাগত আটক কৰি লামডিং থানালৈ লৈ আহে ৷ আটকাধীন যুৱকজন লামডিং সমষ্টিৰ নখুটিৰ নিৱাসী আবু হানিফা বিন মেলেক বুলি জানিব পৰা গৈছে ৷ বৰ্তমান যুৱকজনক আটক কৰি লামডিং আৰক্ষীয়ে সোধাপোছা অব্যহত ৰাখিছে ৷
আৰক্ষীয়ে যুৱক জনৰ বিৰুদ্ধে নিজা ববিয়াকৈ এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে থানাত গোচৰ নং ১৩১ U/S ১৫২ বিএনএছ ধাৰাত এটি গোচৰ ৰুজু কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা