দেৰগাঁৱত গেলাবিল দলঙৰ পৰা যুৱকৰ নৈ'ত জাঁপ
দেৰগাঁৱত ভয়াৱহ অঘটন ।
দেৰগাঁৱত গেলাবিল দলঙৰ পৰা যুৱকৰ নৈ'ত জাঁপ


গোলাঘাট, ০৫ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি শনিবাৰে বিয়লি এক ভয়াৱহ অঘটন সংঘটিত হয় । গেলাবিল দলঙৰ পৰা নৈ'ত জাঁপ দিয়ে এজন যুৱকে । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱক জনৰ পৰিচয়।

ঘটনা স্থলীত উপস্থিত চক্ৰ বিষয়া সহিতে আৰক্ষী বিষয়াৰ দ'ল । একাংশৰ মতে জয় জুবিন দা' চিঞৰি নৈ'ত জাপ দিয়ে যুৱক জনে । ঘটনা স্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এযোৰ চেণ্ডেল । সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই । বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই যুৱকজনৰ। ইফালে নৈত পানীত যুৱকজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি এছডিআৰএফৰ ডুবাৰু বাহিনীৰ সহায় লোৱা হৈছে। লগতে যুৱকজনৰ পৰিচয় উলিয়াবলৈও আৰক্ষীয়ে বিভিন্ন স্থানত যোগাযোগ আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande