বিশ্বনাথৰ মিজিকাজানত শিল্পী মংগল নায়কৰ ঝুমইৰ গীত নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান
বিশ্বনাথ, ০৫ অক্টোবৰ (হি.স.)। বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিছাত কৰমপুজাৰ লগত সংগতি ৰাখি ঝুমইৰ গীত নৃত্য আৰু ঢোলবাদনৰ বাবে আজি আয়োজন কৰা হয় বিশেষ কৰ্মশালা ৷ বিশ্বনাথ কৌশিক বিকাশ সেৱা ন্যাসে আয়োজন কৰা উক্ত কৰ্মশালাত বাগিছাখনৰ প্ৰায় দুশৰো অধিক ল’ৰা ছ
বিশ্বনাথৰ মিজিকাজানত শিল্পী মংগল নায়কৰ ঝুমইৰ গীত নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান


বিশ্বনাথ, ০৫ অক্টোবৰ (হি.স.)। বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিছাত কৰমপুজাৰ লগত সংগতি ৰাখি ঝুমইৰ গীত নৃত্য আৰু ঢোলবাদনৰ বাবে আজি আয়োজন কৰা হয় বিশেষ কৰ্মশালা ৷ বিশ্বনাথ কৌশিক বিকাশ সেৱা ন্যাসে আয়োজন কৰা উক্ত কৰ্মশালাত বাগিছাখনৰ প্ৰায় দুশৰো অধিক ল’ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে ৷

কৰ্মশালাত ঝুমইৰ গীত নৃত্যৰ উপৰিও ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উক্ত কৰ্মশালাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কণ্ঠশিল্পী মংগল নায়কে প্ৰদান কৰে গীত নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ৷ আনহাতে বিশ্বনাথৰ শিল্পী নৰেন পানতাঁতি , যোগেশ কেওঁট আৰু নাৰায়ণ দাসেও সহযোগী প্ৰশিক্ষক হিচাবে কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ঝুমইৰ নৃত্যৰ লয়লাস ভংগী গীত সমুহ গোৱাৰ শৈলী সমুহৰ লগতে যথাৰ্থ প্ৰায়োগিক দিশ সমুহৰ ওপৰত কৰ্মশালাত সুন্দৰকৈ উপস্থাপন কৰা হয় ৷ শিল্পী মংগল নায়কে প্ৰদান কৰা প্ৰশিক্ষণৰ শিক্ষণ পদ্ধতি দেখি ৰাইজে তেওঁক একেমুখে শলাগ লোৱাৰ লগতে ভুয়সী প্ৰশংসা কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande