গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলৰ নাগৰিক আৰু বেচৰকাৰী সংস্থা প্ৰথম প্ৰয়াসৰ উদ্যোগত দেওবাৰে ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিসৰত কিংবদন্তি অসমীয়া গায়ক তথা যুৱক যুৱতীসকলৰ প্ৰিয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। মহান শিল্পীগৰাকীৰ স্মৃতি চিৰদিনৰ বাবে জীয়াই ৰাখিবলৈ এই বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰা হৈছিল।
উল্লেখযোগ্য যে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ লহৰৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যৰ ৰাইজে বিভিন্ন ধৰণেৰে জুবিনক শ্ৰদ্ধাঞ্জলি জনাইছে। আজিৰ বৃক্ষৰোপন সেই প্ৰচেষ্টাৰ অংশ।
নাহৰ বৃক্ষৰোপণ কাৰ্যসূচীত জালুকবাৰী নাগৰিক সমিতিৰ সভাপতি আব্দুল চালামুদ্দিন, কাৰ্যকৰী সভাপতি ৰমেশ বৰা, সাধাৰণ সম্পাদক ছাদিক আহমেদ, অধিবক্তা মকবুল হুছেইনৰ লগতে অন্যান্য সমিতিৰ বিষয়া, প্ৰথম প্ৰয়াস সংগঠনৰ সদস্য আৰু স্থানীয় বাসিন্দাসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া