কাঠমাণ্ডু, ০৫ অক্টোবৰ (হি.স.)। কোশী বেৰেজ দলঙত যাতায়ত আৰু পথচাৰীৰ চলাচল নিষিদ্ধ কৰা হৈছে। বেৰেজ প্ৰশাসনৰ মুখ্য অভিযন্তা মনোজ কুমাৰে জনোৱা মতে, কোশী নদীৰ পানী দলং পথত উপনীত হোৱাৰ ফলত নেপাল আৰু ভাৰতীয় বিষয়াসকলৰ যৌথ বৈঠকত যাতায়ত বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। একেৰাহে তৃতীয় দিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত কোশী নদীৰ জলপৃষ্ঠই চৰম বিপদৰ স্তৰ অতিক্ৰম কৰিছে। মুখ্য অভিযন্তা মনোজ কুমাৰে উল্লেখ কৰে যে বেৰেজৰ ৫৬খন গেট মুকলি কৰা হৈছে।
শেহতীয়া আপডেট অনুসৰি কোছি বেৰেজে বৰ্তমান প্ৰতি ছেকেণ্ডত ৪ লাখ ৮৬ হাজাৰ কিউচেক পানী মুকলি কৰি আছে। ইয়াৰ ফলত নেপাল আৰু বিহাৰৰ দক্ষিণ উপকূলীয় অঞ্চলত বানপানীৰ আশংকা বৃদ্ধি পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া