তামুলপুৰ, ০৫ অক্টোবৰ (হি.স.)। তামুলপুৰত শৰ্মিলা দাস ডেকা সোঁৱৰণি সাহিত্য বঁটা প্ৰদান ৷
তামুলপুৰ জিলাৰ গেৰুৱা, এঘাৰমাইলত আজি তামুলপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত শৰ্মিলা দাস ডেকা সোঁৱৰণি সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত অনুষ্ঠিত হয়।
উল্লেখ্য যে-- শৰ্মিলা দাস ডেকাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা জনাই তামুলপুৰ শাখা সাহিত্য সভাই অসম ভিত্তিত গল্প সংকলনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যকে ২৭ খন গল্প সংকলনৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত প্ৰথম বৰ্ষৰ শৰ্মিলা দাস ডেকা সোঁৱৰণি সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বেহু ভাঙি শিৰোনামৰ গল্প সংকলন খনৰ লেখিকা সবিতা দেবীয়ে।
অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আজি পুৱাৰ ভাগত শৰ্মিলা দাস ডেকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন তথা শ্ৰদ্ধাঞ্জলি জনাই বৰগীতেৰে আজিৰ অনুষ্ঠানটো শুভাৰম্ভ কৰে।
আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বেহু ভাঙি শিৰোনামৰ গল্প সংকলন খনৰ লেখিকা তথা গুৱাহাটীস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষয়িত্ৰী সবিতা দেবীক শৰ্মিলা দাস ডেকা সোঁৱৰণি সাহিত্য বঁটা প্ৰদান কৰা হয়।
তামুলপুৰৰ শাখা সাহিত্য সভাৰ উপ সভাপতি গণেশ ৰাভা আৰু মাহেকীয়া বাৰ্তাপখিলীৰ সহকাৰী সম্পাদক বিপুল কুমাৰ দিহিঙীয়াই আঁত ধৰা আজিৰ এই অনুষ্ঠানটোত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী অসীম কাজি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড⁰ মুকুল চক্ৰৱৰ্তী, বাৰ্তাপখিলীৰ কাৰ্যবাহী সম্পাদক গোপাল জালান, তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি সুৰেন ৰাভা, সম্পাদক অনুপ নাথ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু