ওদালগুৰি, ০৫ অক্টোবৰ (হি.স.)। টংলাৰ ৰূপাখাট স্বাগতম সংঘৰ উদ্যোগত আজি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।অনুষ্ঠানৰ ৰাতিপুৱা ভাগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ৰাইজৰ সহযোগত আয়তী সকলে নাম প্ৰসংগ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।
সকলোৰে হৃদয়ত স্পন্দিত হৈ থকা ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই টংলা ৰূপাখাট স্বাগতম সংঘৰ লগতে ৰূপাখাট ৰাইজে।বিশিষ্ট সংগীত শিল্পী কিৰন ডেকাই সঞ্চালনা কৰা স্মৃতিচাৰণ সভাখনত অৱসৰ প্ৰাপ্ত শিক্ষক ভূমিধৰ নাথে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই।অনুষ্ঠানত সমাজকৰ্মী সমৰেন্দ্ৰ ডেকা, লাহন ডেকা, হৰেন্দ্ৰ শইকীয়া, অমৰজ্যোতি ৰাভা, ভাস্কৰ নাথ, বিচিত্ৰা পেগুৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে বুলি ৰূপাখাট স্বাগতম সংঘৰ সভাপতি জিতেন কলিতা আৰু সম্পাদক পংকজ কুমাৰ ডেকাই জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ