বোকাজানৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাবে আহত দুজন
বোকাজানৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাবে আহত দুজন।
বোকাজানৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাবে আহত দুজন


কাৰ্বি আংলং, ০৫ অক্টোবৰ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানৰ সমীপত কালি সন্ধিয়া ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত গুৰুতৰ ভাবে আহত হয় দুজন লোক । বোকাজানৰ সমীপত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

বোকাজান দাৰোগা বাগান সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত শুকানজানৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা এএছ ০২ টি ৬৯০৫ পঞ্জীয়ন নম্বৰৰ বলেৰ' বাহনখনে খটখটী দিশৰ পৰা শুকানজান দিশে গৈ থকা এএছ ০৯ এল ৪৬০৭ গ্ৰাণ্ড ভিটাৰা আৰু এএছ ০৯ বিচি ২৩৬৮ যাত্ৰীবাহী অট' ৰিক্সা গাড়ীত খুন্দিয়াই পথৰ কাষত বাগৰি পৰে। ফলত দুজন লোক গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। লোকজনক ততালিকে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। বাতৰি লিখা পৰলৈকে লোক দুজনৰ নাম- ঠিকনা জানিব পৰা হোৱা নাই। আহত ব্যক্তি দুজনক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande