তামুলপুৰ, ০৫ অক্টোবৰ (হি.স.)। তামুলপুৰত কাইলৈ ৬ অক্টোবৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব তেতেলিগুৰি - কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী/ মাইনাও পূজা। এই শ্ৰীশ্ৰী লক্ষ্মী/ মাইনাও পূজা উপলক্ষে দুদিন সাংস্কৃতিক সন্ধিয়া বাতিল কৰাৰ ঘোষণা কৰা হৈছে । সংবাদ মেল যোগে ঘোষণা কৰিলে উদযাপন সমিতিয়ে। সংবাদমেল সম্বোধন কৰি ৭ অক্টোবৰ আৰু ১৪ অক্টোবৰ সাংস্কৃতিক সন্ধিয়া বাতিল কৰিলে উদযাপন সমিতিয়ে।
জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি সাংস্কৃতিক সন্ধিয়া বাতিল কৰি জুবিন গাৰ্গ সোঁৱৰণ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও সদৰি কৰে । সেই অনুসৰি ৭ অক্টোৱৰৰ সাংস্কৃতিক সন্ধিয়াৰ পৰিবৰ্তে জুবিন গাৰ্গ সোৱৰণী শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে । অনুষ্ঠানত বিশিষ্ট শিল্পী খগেন শিল্পী, বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ লগতে তেওঁ শিক্ষাদান কৰা শিক্ষক আৰু সহপাঠী উপস্থিত থাকিব।
আনহাতে ১৪ অক্টোবৰৰ সাংস্কৃতিক সন্ধিয়াও বাতিল কৰি বড়ো নাট মঞ্চস্থ কৰা সিদ্ধান্ত গ্ৰহণ কৰে উদযাপন সমিতিয়ে। উল্লেখযোগ্য যে ৮০ সংখ্যক তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী/মাইনাও পূজা খনি এইবাৰ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিয়ে প্ৰস্তুতি চলাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু