কাইলৈ লক্ষ্মী পূজা
নলবাৰী, ০৫ অক্টোবৰ (হি.স.)। কাইলৈ অনুষ্ঠিত হব ধন,ঐশ্বৰ্জৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পুজা । লক্ষ্মী পূজাৰ প্ৰাকক্ষণত নলবাৰী জিলাৰ বৰভাগৰ বৰগাছাৰ ভঁৰালটোলা চুবুৰীত নৱনির্মিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত কৰা হয় প্ৰাণ প্ৰতিষ্ঠা। মাংগলিক কাৰ্যসূচীৰে নৱনির্মিত
কাইলৈ লক্ষ্মী পূজা


নলবাৰী, ০৫ অক্টোবৰ (হি.স.)। কাইলৈ অনুষ্ঠিত হব ধন,ঐশ্বৰ্জৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পুজা । লক্ষ্মী পূজাৰ প্ৰাকক্ষণত নলবাৰী জিলাৰ বৰভাগৰ বৰগাছাৰ ভঁৰালটোলা চুবুৰীত নৱনির্মিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত কৰা হয় প্ৰাণ প্ৰতিষ্ঠা। মাংগলিক কাৰ্যসূচীৰে নৱনির্মিত লক্ষ্মী মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমনি বৈশ্য,অভিনেত্ৰী আশা বৰদলৈ সহ বহু বিশিষ্ট ব্যক্তি।

স্থানীয় ৰাইজ আৰু অতিথিবৃন্দৰ উপস্থিতিত মন্দিৰৰ ফিটা কাটি শুভউদ্বোধন কৰা হয় নব নিৰ্মিত মন্দিৰৰ। উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় আয়তিৰ নাগৰা নাম। নাম উপভোগ কৰিবলৈ উপস্থিত থাকে শ শ ভক্তপ্ৰাণ ৰাইজ।ৰাজহুৱা পুজাৰ সৈতে অঞ্চলটোৰ ৰাইজে ঘৰে ঘৰে লক্ষ্মী পুজাৰ আয়োজন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande