–কাইলৈ উত্তৰ বংগ ভ্ৰমণ কৰিব মমতা বেনাৰ্জী
শিলিগুৰি, ০৫ অক্টোবৰ (হি.স.)। ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দেওবাৰে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত বিভিন্ন স্থানৰ পৰা ১১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা ১৭ পৰ্যন্ত হ’ব বুলি অনুমান কৰা হৈছে, ইয়াৰে অধিকাংশ লোক মিৰিক আৰু সুখিয়াপোখাৰি অঞ্চলৰ।
প্ৰবল বৰষুণ আৰু ভূমিস্খলনে পূব হিমালয় অঞ্চলক দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে। উত্তৰ বংগৰ ৰেল সেৱাও ক্ষতিগ্ৰস্ত হৈছে। বহু ৰে’ল ডুব যোৱা ৰেলপথৰ বাবে হয় বাতিল কৰা হৈছে নহয় ডাইভাৰ্ট কৰা হৈছে। পৰ্যটকসকলক হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু আপাততঃ বাহিৰৰ পৰা ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ, সকলো ধৰণৰ সহায়ৰ আশ্বাস
দাৰ্জিলিঙৰ দলং দুৰ্ঘটনা আৰু ব্যাপক ধ্বংসলীলাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক্সত পোষ্ট কৰি তেওঁ লিখিছে, দাৰ্জিলিঙত দলং ভাঙি মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
কাইলৈ উত্তৰ বংগ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে হঠাতে হোৱা ধাৰাসাৰ বৰষুণ আৰু বাহিৰৰ ৰাজ্যৰ পৰা নদীৰ পানীৰ আগমনৰ বাবে উত্তৰ আৰু দক্ষিণ বংগৰ বহু অঞ্চল বানপানীৰ সন্মুখীন হৈছে। শনিবাৰে নিশা উত্তৰ বংগত ১২ ঘণ্টাত ৩০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত সংকোষ নদী আৰু অন্যান্য নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলিও কয় তেওঁ।
মুখ্যমন্ত্ৰীয়ে কয়, প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত আমাৰ একাংশ ভাই-ভগ্নীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানি আমি অতিশয় দুখ পাইছো।মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো, আৰু তৎকালীনভাৱে তেওঁলোকক সকলো ধৰণৰ সাহায্য প্ৰেৰণ কৰা হ'ব।
তাই জনোৱা মতে, দুখন লোহাৰ দলং জাহ গৈছে, কেইবাটাও পথ ভাঙি গৈছে, দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আৰু আলিপুৰদুৱাৰ জিলাত ব্যাপকভাৱে পানী জমা হৈছে। মিৰিক, দাৰ্জিলিং, কালিম্পং, মাটিগৰা, আৰু আলিপুৰদুৱাৰৰ পৰা আটাইতকৈ বেছি ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ অহৰহ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। উত্তৰ বংগৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয় গৌতম দেৱ আৰু অনিত থাপাৰ দৰে জনপ্ৰতিনিধিও।
তেখেতে কয় যে মই অহৰহ যোগাযোগত আছো আৰু কাইলৈ মোৰ মুখ্য সচিবৰ সৈতে উত্তৰ বংগলৈ যাত্ৰা কৰিম।
২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ
দাৰ্জিলিংকে ধৰি উত্তৰ বংগৰ আটাইকেইখন জিলাতে ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকা কণ্ট্ৰল ৰুম স্থাপন কৰিছে ৰাজ্য চৰকাৰে। নাভানা দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হ’ল: +৯১ ৩৩ ২২১৪ ৩৫২৬ আৰু +৯১ ৩৩ ২২৫৩ ৫১৮৫। বিনামূলীয়া নম্বৰ +৯১ ৮৬৯৭৯ ৮১০৭০ আৰু ১০৭০ জাৰি কৰা হৈছে।
ৰাজ্য চৰকাৰে পৰ্যটকসকলক য’ত আছে তাতেই থাকিবলৈ আৰু আৰক্ষীৰ দ্বাৰা নিৰাপদে খালী কৰিবলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে প্ৰশাসন আৰু আৰক্ষীৰ দলসমূহে ক্ষতিগ্ৰস্ত সকলো লোককে সহায় আগবঢ়াইছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া