কমনৱেলথ সংসদীয় সন্মিলনলৈ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব লোকসভাৰ অধ্যক্ষ
নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাৰ্বাডোছৰ ব্ৰীজটাউনত ৫ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব । ভাৰতৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল
Om Birla


নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাৰ্বাডোছৰ ব্ৰীজটাউনত ৫ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব । ভাৰতৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬গৰাকী অধ্যক্ষ আৰু বিধানসভাৰ ১৬গৰাকী সচিবেও অংশগ্ৰহণ কৰিব।

লোকসভা সচিবালয়ৰ মতে, অধ্যক্ষই সাধাৰণ পৰিষদত কমনৱেলথ: এ গ্ল'বেল পাৰ্টনাৰশ্বিপ শীৰ্ষক বিষয়বস্তুৰ ওপৰত ভাষণ দিব। ওম বিৰলাৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটোত ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশ, সাংসদ অনুৰাগ শৰ্মা, ড° ডি পুৰন্দেশ্বৰী, ড° কে সুধাকৰ, ৰেখা শৰ্মা, ড° অজিত মাধৱৰাও গোপচাদে, লোকসভাৰ সাধাৰণ সম্পাদক উৎপল কুমাৰ সিং, আৰু ৰাজ্যসভাৰ সাধাৰণ সচিব পি.চি. মোডী।

সন্মিলনৰ সময়ত সাতখন বিষয়ভিত্তিক কৰ্মশালা অনুষ্ঠিত হ’ব। ওম বিৰলাই হাৰ্নেছিং টেকন'লজি: প্ৰমোটিং ডেম'ক্ৰেচি এণ্ড ব্ৰীজিং দ্য ডিজিটেল ডিভাইড থ্ৰু ডিজিটেল ট্ৰেন্সফৰ্মেচন শীৰ্ষক এক কৰ্মশালাৰ অধ্যক্ষতা কৰিব।

সাংসদ অনুৰাগ শৰ্মা কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যনৰ কোষাধ্যক্ষ। সন্মিলনৰ সময়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও ভাৰতীয় অঞ্চলৰ পৰা আঞ্চলিক প্ৰতিনিধি হিচাপে কমিটীত যোগদান কৰিব।

ড° ডি পুৰন্দেশ্বৰীয়ে কমনৱেলথ মহিলা সংসদ সদস্য (চি ডব্লিউ পি) পৰিচালনা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু কমনৱেলথত মহিলা-সংবেদনশীল সংসদৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে উত্তম পদ্ধতি আৰু কৌশল বিষয়ক অধিবেশনত পেনেলিষ্ট হিচাপে উপস্থাপন কৰিব। আন সদস্যসকলেও বিভিন্ন কৰ্মশালা আৰু সাধাৰণ সভাত অংশগ্ৰহণ কৰিব।

সন্মিলনৰ সময়ত ওম বিৰলাই কমনৱেলথ দেশৰ সমকক্ষসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু সংসদীয় সহযোগিতাৰ বিষয়ে আলোচনা কৰিব। বাৰ্বাডোছত থকাৰ সময়ছোৱাত তেওঁ বাৰ্বাডোছৰ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰাৰ পৰিকল্পনা কৰিছে।

মন কৰিবলগীয়া যে কমনৱেলথ সংসদীয় সন্মিলন হৈছে গণতান্ত্ৰিক আদৰ্শ, সংসদীয় পৰম্পৰা, সদস্য দেশসমূহৰ সংসদসমূহৰ মাজত কাৰিকৰী সহযোগিতা শক্তিশালী কৰাৰ এক আগশাৰীৰ বিশ্বব্যাপী মঞ্চ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande