নগাঁৱ, ০৫ অক্টোবৰ (হি.স.)। নগাঁৱৰ উৰিয়াগাঁৱৰ 'স্বাগত' অইল পাম্প ছীল প্ৰশাসনৰ। যাৱতীয় নথি-পত্ৰ বিহীনভাৱে চলাই আহিছিল তেল ডিপোটো।
জোখ-মাখতো গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ। দিৰ্ঘ দিনৰ পৰা ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলা প্ৰশাসনে ছীল কৰে এই তেল ডিপোটো। বিভিন্ন নথি-পত্ৰও জব্দ প্ৰশাসনৰ।
পেট্ৰল পাম্পটোত তেল ভৰাই দিৰ্ঘ দিনৰ পৰা গ্ৰাহক সকল প্ৰৱঞ্চিত হৈ আছিল। তদুপৰি কোনো নথি পত্ৰ অবিহনে
পেট্ৰল পাম্পটোৱে ব্যৱসায় কৰি থকাত চৰকাৰে ৰাজহৰ পৰা বঞ্চিত হৈ আছে।
এক দুষ্ট চক্ৰই চূড়ান্ত জালিয়াতিৰে চলাই আহিছিল তেল ডিপোটো। অৱশ্য়ে পেট্ৰল পাম্পটো বন্ধ হৈ থকাত অঞ্চলটোৰ ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু