প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত তথা দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত নলবাৰীত মমশিখা সমদল
নলবাৰী, ০৫ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ ৰাজপথত কংগ্ৰেছে বাহিৰ কৰে মমশিখা সমদল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত তথা দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত নলবাৰীত মমশিখা সমদল


নলবাৰী, ০৫ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ ৰাজপথত কংগ্ৰেছে বাহিৰ কৰে মমশিখা সমদল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত এইদৰে মমশিখা সমদল উলিওৱা হয়।

নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা হয় এই সমদল। এই সমদলে নলবাৰী চহৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী প্ৰাক্তন বিধায়ক অশোক শৰ্মা আদিৰ নেতৃত্বত উলিওৱা হয় এই সমদল। জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত উপযুক্ত আৰু ক্ষীপ্ৰ তদন্ত কৰাৰ লগতে এই হত্যাকাণ্ডত জড়িত প্ৰত্যোকজনক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে জিলা কংগ্ৰেছে।

উল্লেখ্য় যে অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে এই ধৰাৰ পৰা বিদায় লোৱাৰ এপষেক উকলিছে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande