নিশা দুপৰলৈ লোকে লোকাৰন্য বাক্সাৰ বৰবৰীত আঠ দিনীয়াকৈ অনুষ্ঠিত ৪১ তম বাথৌ উৎসৱ
বাক্সা, ০৫ অক্টোবৰ (হি.স.)। বাক্সাৰ বৰবৰীত আঠ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৪১ তম বাথৌ উৎসৱ। এই উৎসৱত নিশা দুপৰলৈ লোকে লোকাৰন্য হৈ পৰিছে । উল্লেখ্য় যে বৰ্ণাঢ্য কাৰ্য সূচীৰে অনুষ্ঠিত বাথৌ উৎসৱত মুলত তিনিটা বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে উদযাপন সম
নিশা দুপৰলৈ লোকে লোকাৰন্য বাক্সাৰ বৰবৰীত আঠ দিনীয়াকৈ অনুষ্ঠিত ৪১ তম বাথৌ উৎসৱ


বাক্সা, ০৫ অক্টোবৰ (হি.স.)। বাক্সাৰ বৰবৰীত আঠ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৪১ তম বাথৌ উৎসৱ। এই উৎসৱত নিশা দুপৰলৈ লোকে লোকাৰন্য হৈ পৰিছে ।

উল্লেখ্য় যে বৰ্ণাঢ্য কাৰ্য সূচীৰে অনুষ্ঠিত বাথৌ উৎসৱত মুলত তিনিটা বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে উদযাপন সমিতিয়ে । সেই অনুসৰি উৎসৱস্থলীৰ এক কিলো মিটাৰ ব্যাসাৰ্ধত কোনো লোকে মাদক দ্ৰব্য সেৱন বা বিক্ৰী কৰিব নোৱাৰে। এই ক্ষেত্ৰত দোষী ব্যক্তিক সমিতিৰ তৰফৰ পৰা বনোৱা জেলত ২৪ ঘণ্টাৰ বাবে সোমাই থোৱাৰ ব্য়ৱস্থা কৰা হৈছে । একেদৰে উৎসৱ স্থলিৰ আশে-পাশে সমাজ বিৰোধী কাম কৰিব নোৱাৰিব কোনো লোকে । এই সমূহ নীতি নিয়ম মানি নচলা সকল ২৪ ঘটাৰ বাবে থাকিব লাগে ৰাজহুৱা স্থানত নিৰ্মান কৰা জেলত। উৎসৱথলীত মাদক দ্ৰব্য সেৱন কৰি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰা সকলক নিয়ন্ত্ৰণ কৰা তথা উৎসৱৰ আনন্দ অব্য়াহত ৰখাৰ বাবে উদযাপন সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপে প্ৰশংসা লাভ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande