কাজিৰঙাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ
গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি দেওবাৰে উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ ৷ দেউবাৰে পুৱা পত্নী সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰে কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পোহ
কাজিৰঙাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ


গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি দেওবাৰে উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ ৷ দেউবাৰে পুৱা পত্নী সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰে কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পোহনীয়া বিভাগীয় হাতী সমূহক খাদ্য খুৱাই মুখ্যমন্ত্ৰী সহ লগত অহা পাৰিষদবৰ্গই ৷

উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আপ্লুত হৈ পৰা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে ৷ তদুপৰি মধ্যপ্ৰদেশৰ লগত কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিনিময়ৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি উল্লেখ কৰে ৷ আনহাতে প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ কথা উল্লেখ কৰি বন্যপ্ৰাণী সংৰক্ষণৰ দিশত প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande