মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ যাদৱৰ অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক সৌজন্যমূলক সাক্ষাৎ
- ভূপালৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱা স্থাপনৰ প্ৰয়াস কৰা হ’বঃ ড০ যাদৱ গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। দুদিনীয়া অসম ভ্ৰমণৰ সময়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে দেওবাৰে সন্ধিয়া গুৱাহাটীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰী ড০ হ
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ যাদৱৰ অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক সৌজন্যমূলক সাক্ষাৎ


মুখ্যমন্ত্ৰীক সাক্ষাৎ


- ভূপালৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱা স্থাপনৰ প্ৰয়াস কৰা হ’বঃ ড০ যাদৱ

গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। দুদিনীয়া অসম ভ্ৰমণৰ সময়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে দেওবাৰে সন্ধিয়া গুৱাহাটীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই মুখ্যমন্ত্রী ড০ যাদৱক ফুলৰ থোপা আৰু স্মৃতিচিহ্নৰে আদৰণি জনায় ৷ মুখ্যমন্ত্রী ড০ যাদৱে ড০ শর্মাক মহাকালেশ্বৰ মন্দিৰৰ এখন আকর্ষণীয় ছবিও উপহাৰ দিয়ে ৷

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ড০ যাদৱে পৰ্যটন আৰু ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধিৰ বাবে ভৱিষ্যতে ভূপালৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱা স্থাপনৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰে। তেওঁ কয় যে যুৱক-যুৱতী, শিল্পী, আৰু বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতা বৃদ্ধি কৰিলে দুয়োখন ৰাজ্যৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। মুখ্যমন্ত্ৰী ড০ যাদৱে উল্লেখ কৰে যে অসম আৰু মধ্যপ্ৰদেশে হস্তশিল্প, ৰেচম আৰু বাঁহৰ সামগ্ৰী, আৰু পৰম্পৰাগত বাণিজ্যিক সহযোগিতাৰ প্ৰসাৰ ঘটাব। ইয়াৰ দ্বাৰা দুয়োখন ৰাজ্যৰ স্থানীয় শিপিনী আৰু উদ্যোগীসকলে তেওঁলোকৰ সামগ্ৰীৰ নতুন বজাৰ আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

মুখ্যমন্ত্রী ড০ যাদৱ আৰু অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই দুয়োখন ৰাজ্যৰ প্রাচীন সম্পর্ক, বন্য প্রাণী সংৰক্ষণ আৰু পাৰস্পৰিক বন্য প্রাণী বিনিময়ৰ প্রচেষ্টা, ভৱিষ্যতৰ সম্ভাৱনাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত এক ফলপ্ৰসূ আলোচনাত মিলিত হয় ৷ মুখ্যমন্ত্রী ড০ যাদৱে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে যে অসমৰ বহু উদ্যোগপতি আৰু বিনিয়োগকাৰীয়ে মধ্য প্রদেশত বিনিয়োগ কৰি আমাৰ লগত যোগদান কৰিব বিচাৰে ৷ আমি মধ্যপ্ৰদেশলৈ সকলো বিনিয়োগকাৰীক আদৰণি জনাইছোঁ। এই উপলক্ষে মুখ্যমন্ত্রী ড০ যাদৱৰ পত্নী সীমা যাদৱো উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande