গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। অসম-অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ গোলাঘাৰ এখন গাঁৱত গ্ৰহণ কৰা হৈছে ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি গাঁৱলৈ যোৱা পথৰ নাম দিলে 'জুবিন পথ' । পথৰ দুয়োকাষে ৰোপন কৰিছে জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি । নাহৰ ৰোপন প্ৰকল্পৰ শুভাৰম্ভণি আৰু জুবিন পথ উন্মোচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে বিধায়ক মৃণাল শইকীয়া, বিশিষ্ট শিল্পী অৰুন হাজৰিকা, আছুৰ উপ সভাপতি অভিবৰ্তন গোস্বামী।
মানুহ ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি খকন্দগুৰি গাঁৱৰ ৰাইজে লোৱা অনুপম কাৰ্যসূচীৰ শলাগ লৈছে সকলোৱে । হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ৰোপন কৰা নাহৰ পুলি সমূহ ডাঙৰ-দীঘল কৰাৰ লগতে অনাগত দিনত ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন ঠাইত গছপুলি ৰোপনৰ পৰিকল্পনা কৰিছে যুৱকসকলে । সেউজ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানটিত শিশুসকলৰ দিহানাম,গায়ন-বায়ন পৰিৱেশনৰ লগতে বিভিন্নজনে অৱলোকন কৰে জুবিন গাৰ্গৰ কৃতী । হেপাহৰ শিল্পীগৰাকীক অমৰ কৰি ৰখাৰ বাবে নাহৰ ৰোপন আৰু পথৰ নামকৰণৰ কাৰ্যসূচী চৰ্চিত হৈ পৰিছে সকলোতে । শীঘ্ৰেই শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে ৰজাঘৰক যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে সকলোৱে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা