জুৰীয়াৰ কাৱৈমাৰীত বৃহৎ বৃহৎ জাল পাতি বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই নিধন
নগাঁও, ০৫ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ জুৰীয়াৰ কাৱৈমাৰীত সংঘটিত কৰা হৈছে ভয়ংকৰ কাণ্ড। বৃহৎ বৃহৎ জাল পাতি বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই নিধন কৰি থকা হৈছে । এই জালত পৰি চৰাই বোৰে ছটফটাই থকা দৃশ্যই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। মন কৰিবলগীয়া যে যিটো স
জুৰীয়াৰ কাৱৈমাৰীত বৃহৎ বৃহৎ জাল পাতি বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই নিধন


নগাঁও, ০৫ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ জুৰীয়াৰ কাৱৈমাৰীত সংঘটিত কৰা হৈছে ভয়ংকৰ কাণ্ড। বৃহৎ বৃহৎ জাল পাতি বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই নিধন কৰি থকা হৈছে । এই জালত পৰি চৰাই বোৰে ছটফটাই থকা দৃশ্যই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।

মন কৰিবলগীয়া যে যিটো সময়ত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি বন্যপ্ৰাণীৰ সংৰক্ষণৰ কৰিছে। ঠিক সেই সময়ত জুৰীয়াৰ কাৱৈমাৰীত দিনে নিশাই বন্যপ্ৰাণীৰ ধ্বংস লীলা চলাই গৈছে । এই জঘন্য অপৰাধত ভাৰত চৰকাৰৰ চিআৰপিএফ বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত জোৱান জৰিত থকাৰ অভিযোগ উত্থাপিত হৈছে। অৱসৰপ্ৰাপ্ত চিআৰপিএফ জোৱান জনৰ নাম জনৈক হামিদ বুলি জানিব পৰা গৈছে।

অৱসৰপ্ৰাপ্ত চিআৰপিএফ জোৱান জনৈক হামিদৰ এই অমানবীয় কাণ্ডত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জনৈক হামিদৰ এই জঘন্য কাণ্ড দেখি জাঙুৰ খাই উঠিছে স্থানীয় যুৱকসকল ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande