নগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ
নগাঁও, ০৫ অক্টোবৰ (হি.স.)। নগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ। হিয়াৰ আমঠু,শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও ম্ৰিয়মাণ ৰাজ্যবাসী৷ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনাৰে অনুষ্ঠিত কৰা হৈছে শ্
নগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ।


নগাঁও, ০৫ অক্টোবৰ (হি.স.)। নগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ।

হিয়াৰ আমঠু,শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও ম্ৰিয়মাণ ৰাজ্যবাসী৷ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনাৰে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলীৰ অনুষ্ঠান । সমান্তৰালভাৱে নগাঁৱৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ ।

দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি , নগাঁও ফটোগ্ৰাফাৰছ এছ'চিয়েচন নগাঁও মেকআপ এছ'চিয়েচন আৰু আমোলাপট্টি ৮ নং মহলাৰ মহিলা সকলৰ দ্বাৰা পৃথকে পৃথকে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। প্ৰতেকটো অনুষ্ঠানৰ উদ্যোক্তাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী সকলোকে উচিত শাস্তি প্ৰদান কৰি শিল্পী গৰাকীক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাই চৰকাৰ তথা আৰক্ষী প্ৰশাসনক ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande