পৰস্পৰাগত নাওখেলৰ সামৰণিৰ দিনা উদুলি মুদুলি দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা কলহী নৈৰ দুয়োপাৰ
কামৰূপ, ০৫ অক্টোবৰ (হি.স.)। নাওখেল প্ৰত্য়ক্ষ কৰিবলৈ হেজাৰ হেজাৰ দৰ্শকৰে উদুলি মুদুলি পৰিবেশ হৈ পৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা কলহী নৈৰ দুয়োপাৰ। পাৰভঙা উছাহৰে অনুষ্ঠিত হোৱা পৰস্পৰাগত নাওখেল সামৰণিৰ দিনা দেখা গ''ল হেজাৰ হেজাৰ জনতা। শনিবাৰে অন
পৰস্পৰাগত নাওখেলৰ সামৰণিৰ দিনা উদুলি মুদুলি দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা কলহী নৈৰ দুয়োপাৰ


কামৰূপ, ০৫ অক্টোবৰ (হি.স.)। নাওখেল প্ৰত্য়ক্ষ কৰিবলৈ হেজাৰ হেজাৰ দৰ্শকৰে উদুলি মুদুলি পৰিবেশ হৈ পৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা কলহী নৈৰ দুয়োপাৰ। পাৰভঙা উছাহৰে অনুষ্ঠিত হোৱা পৰস্পৰাগত নাওখেল সামৰণিৰ দিনা দেখা গ'ল হেজাৰ হেজাৰ জনতা। শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলত 'বন্দে ভাৰত' নাওখনে প্ৰথম পুৰষ্কাৰ হিচাপে ১,১১,১১১ টকাৰ চেকৰ সৈতে লাভ কৰে ট্ৰফী। দ্বিতীয় স্থান দখল কৰা 'ৰাজমাতা' নামৰ নাওখনে ৭৭,৭৭৭ টকাৰ চেকৰ সৈতে লাভ কৰে ট্ৰফী৷

উল্লেখ্য় যে বিগত বছৰৰ দৰে এইবেলিও গৰৈমাৰীৰ চাম্পুপাৰা আঞ্চলিক যুৱ সংঘই দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰাজ্যিক ভিত্তিক বিশাল নাওখেল প্ৰতিযোগিতাৰ শনিবাৰে সন্ধিয়া পৰে সফল সামৰণি ৷ ৰাজ্যিক ভিত্তিত নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিছিল ৯ খনকৈ দলে৷ গৰৈমাৰীৰ চাম্পুপাৰাস্থিত কলহী নৈত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে অগণন পুৰুষ-মহিলা, বৃদ্ধ, শিশুয়ে ৷ সামৰণিৰ দিনা বিজয়ী দল দুটাৰ মাজত বঁটা বিতৰণ কৰা হয় ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande