ধুবুৰী, ০৫ অক্টোবৰ (হি.স.)। ধুবুৰী জিলাৰ আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ধুবুৰীৰ গৌৰীপুৰত বুজন পৰিমাণ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ লগতে আটক হৈছে এজন সৰবৰাহকাৰী।
জানিব পৰামতে, চৌৰঙীমোৰৰ বিএছএফ কেম্পৰ সমীপত গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে। আৰক্ষীৰ অভিযানত ধৰা পৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম নুৰ আলম বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীটোৰ পৰা ৫৬টা কফ চিৰাফৰ বটল, ৪০টা নেট্ৰাজেপাম, ৭৬৮টা এইচচিএল ট্ৰামাডল নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে ।
গৌৰীপুৰ আৰক্ষীয়ে সৰবৰাহকাৰীটোক আটক কৰি অধিক তথ্য বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা