কাছাৰ, ০৫ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গার্গৰ মৃত্যৰ উচিত তদন্তৰ দাবিত যোৱাকালি শনিবাৰে নিশা শিলচৰত জিলা কংগ্রেছে বৃহৎ সমদল বাহিৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি নিশা শিলচৰ চহৰত এক বৃহৎ সমদল বাহিৰ কৰে শিলচৰ জিলা কংগ্রেছ কমিটিয়ে৷
দলীয় কার্যালয়ৰ পৰা হাতত মমবাতি লৈ বৃহৎ এই সমদল শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে। সমদল সমাপ্তিৰ পাছত কংগ্ৰেছী সকলে কয় যে জুবিন গার্গক যিদৰে হত্যা কৰা হৈছে এয়া কোনোপধ্যেই অসমৰ ৰাইজে মানি নলয়। এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰে ।
উল্লেখ্য় যে অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে এই ধৰাৰ পৰা বিদায় লোৱাৰ এপষেক উকলিছে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা